পূৱ বিলাসীপাৰা, ৩ অক্টোবৰ: সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলা এচাম অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হ'ল চাপৰ প্ৰশাসন ৷ পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ বিভিন্ন স্থানত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে বহুতো অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলায় প্ৰশাসনে এগৰাকী অসাধু ব্যৱসায়ীক আটক কৰাৰ লগতে ছীল কৰিলে তিনিখনকৈ অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচী ৷
এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজ্যোতি দাসে শালকোচা আৰক্ষীৰ সহযোগত হাতীপোতা বজাৰত এক অভিযান চলাই অবৈধ ফাৰ্মাচী খন ছীল কৰে ৷ আটক কৰা ব্যৱসায়ী গৰাকীৰ নাম মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ আটকাধীন মনোৱাৰ বৰ্তমান শালকোচা আৰক্ষীৰ জিম্মাত আছে ৷
লগতে পঢ়ক: আজি হাথৰছ পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল, প্ৰিয়ংকাই