ধুবুৰী, 16অক্টোবৰ : আজিও সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । ইফালে নামনি অসমৰ কুখ্যাত গো মাফিয়া আদম আলীক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো দক্ষিণ শালমাৰাৰ ভাৰত বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং ৰমৰমীয়া ব্যৱসায় ।
![দক্ষিণ শালমাৰাত আৰক্ষীৰ জালত 13 টাকৈ চোৰাং গৰু সহ এখন নাও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08:20:07:1602816607_as-dhb-01-16oct-cattle-sized-vis-7203850_16102020081708_1610f_1602816428_390.jpg)
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল ৰয় প্ৰধানীৰ নেতৃত্বত চলোৱা এক অভিযানত বাংলাদেশলৈ অবৈধভাবে প্ৰেৰণ কৰাৰ চেষ্টা কৰা ১৩টা গৰুসহ এখন নাও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পিছত হে ওলাই পৰিব উক্ত ঘটনাৰ প্ৰকৃত ৰহস্য ।
লগতে পঢ়ক : অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে