পূৱ বিলাসীপাৰা, ২৫ এপ্ৰিলঃ 27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত ৰাজ্যত দোকান-পোহাৰ খোলা হ'ব নে নাই তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ এই মন্তব্য স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি ধুবুৰী জিলাৰ চাপৰত উপস্থিত হৈ জিলাখনৰ চাপৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে, ধুবুৰী জিলাত 5 জনকৈ লোকৰ দেহত COVID19ৰ অৱস্থিতি পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত বিলাসীপাৰা,চাপৰ,ধুবুৰীত কাইলৈ ৰেণ্ডম টেষ্ট কৰা হ'ব ৷ বৰপেটা মেডিকেল কলেজত 50 টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ধুবুৰী জিলাত কৰা হ'ব 150টা নমুনা পৰীক্ষা ৷ ইয়াৰ উপৰিও অসম-পশ্চিমবংগৰ সীমান্ত খুলি দিয়াৰ পিছত ধুবুৰী আৰু কোকৰাঝাৰ জিলাত যথেষ্ট প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰে মন্ত্ৰী শৰ্মাই ৷
ইপিনে বক্সিহাট আৰু শ্ৰীৰামপুৰত দুটাকৈ কোৱাৰেণ্টাইন কেম্প নিৰ্মাণ কৰি থকা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে আজি বক্সিহাটৰ প্ৰসংগত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷ আনহাতে কোটাৰ পৰা কাইলৈ শ্ৰীৰামপুৰেদি অসমত প্ৰৱেশ কৰিব লগা 390 গৰাকী ছাত্ৰ ছাত্ৰীক শ্ৰীৰামপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে আৰু 8 জনকৈ লোকক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিব পৰা যাব বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃ ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ