ETV Bharat / state

ধুবুৰীত ঘৰে ঘৰে ত্ৰিৰংগা সমদল - Har Ghar Tiranga

৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ(Azadi ka Amrit Mahotsav)লগত সংগতি ৰাখি পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Tiranga)কাৰ্যসূচী । ইয়াৰ সৈতে সংগতি ৰাখি ধুবুৰীত হৰ ঘৰ ত্ৰিৰংগা সমদল উলিওৱা হয় ।

(75th Years of Independence
ধুবুৰীত হৰ ঘৰ ত্ৰিৰংগা সমদল
author img

By

Published : Aug 13, 2022, 1:07 PM IST

ধুবুৰী, ১১আগষ্ট:দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ(Azadi ka Amrit Mahotsav)লগত সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’(Har Ghar Tiranga) কাৰ্যসূচী । ইয়াৰ সৈতে সংগতি ৰাখি ধুবুৰীত আজাদী কা অমৃত মহোৎসৱৰ(Har Ghar Tiranga Rally in Dhubri) কাৰ্যসূচী ৰূপায়ন কৰা হয় । শুকুৰবাৰে ধুবুৰীৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়,আৰক্ষী আৰু দল-সংগঠনে ‘হৰ ঘৰ ত্ৰিৰংগা’ যাত্ৰাৰ সমদল উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । 'বন্দে মাতৰম্','ভাৰত মাতা কি জয়' ধ্বনিৰে মুখৰিত হয় ধুবুৰীৰ চৌদিশ।

ধুবুৰীত হৰ ঘৰ ত্ৰিৰংগা সমদল

ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠনে ‘হৰ ঘৰ ত্ৰিৰংগা’ যাত্ৰা উলিয়ায় । ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়,ধুবুৰী বিদ্যাসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে ধুবুৰীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ উদ্যোগত ধুবুৰী চহৰখনত কেইবাটাও সমদল উলিওৱা হয় । প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জাতীয় পতাকা লৈ 'বন্দে মাতৰম্','ভাৰত মাতা কি জয়'ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে । দেশৰ স্বাভিমান জাতীয় পতাকাৰে ৰঙীন হৈ পৰে ধুবুৰী ।

কেন্দ্ৰীয় চৰকাৰে দেশভক্তি আৰু জাতীয় চেতনাৰ উদ্দেশ্যে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে গ্ৰহণ কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’কাৰ্যসূচীয়ে সকলোৰে মাজত দেশপ্ৰেম আৰু দেশৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়খনৰ অধ্যক্ষ একতিয়াৰ উদ্দিন আহমেদে । ইপিনে,‘হৰ ঘৰ ত্ৰিৰংগা’শ্লোগানেৰে বৃহস্পতিবাৰে চাইকেল ৰেলী উলিওৱাৰ পিছত শুকুৰবাৰে পুনৰ বাইক ৰেলী উলিয়াই আৰক্ষীয়ে । জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই বাইক ৰেলীত জিলা আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলীপ আৰু জিলা উপায়ুক্ত আনবামুথান এমপিৰ লগতে চি আৰ পি এফৰ কামাণ্ডেণ্টেও অংশ গ্ৰহণ কৰে । ইপিনে,বাইক ৰেলীৰ পূৰ্বে ধুবুৰীৰ আস্থা গ্রুপৰ সদস্য-সদস্যা সকলে আৰক্ষী বিষয়া-জোৱান সকলক ৰাখী পিন্ধায় ।

লগতে পঢ়ক:স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাক সম্বৰ্দ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.