ধুবুৰী,8 ডিচেম্বৰঃ ইতিমধ্যে বিটিচিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অন্ত পৰিছে ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 10 ডিচেম্বৰ আৰম্ভ হ’ব ৷ প্ৰতিটো ৰাজনৈতি দলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে ৷
বিটিচিৰ পৰ্বতঝৰা সমষ্টিত মঙলবাৰে অন্তিম বাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। তাৰ সমান্তৰালভাবে ৰূপচীত বিপিএফ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হাগ্ৰামাই।
নিৰ্বাচনী প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰে যে, ১ নং পৰিষদীয় সমষ্টিটো ১৫ বছৰে বিৰোধীৰ দখলত থকা সমষ্টিটো এইবাৰ বিপিএফে জয়ী হোৱাটো নিশ্চিত বুলি দাবী হাগ্ৰামাৰ । লগতে হাগ্ৰমাই ক’লে, চৰকাৰ অনায়াসে আমি বনাই আছো ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হোৱা ওদালগুৰি আৰু বাক্সা জিলাত থকা ২১ খন আসনৰ ভিতৰত ১৬ খন আসনে বিপিএফে পাব বুলি হাগ্ৰামাই মন্তব্য কৰে ।
একেদৰে কোকৰাঝাৰত মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাই চলোৱা নিৰ্বাচনী প্ৰচাৰত BTCৰ বাহিৰৰ জালুকবাৰী, নলবাৰী, ধুবুৰী আদি ঠাইৰ পৰা মানুহ আনিছে বুলি হাগ্ৰমাই বিজেপিক কটাক্ষ কৰে ৷ লগতে সকলো মানুহকে এশ দুশ টকা দিছে বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়কঃ জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ