ETV Bharat / state

নৱম গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱসঃ ধুবুৰীলৈ বিশেষ ৰেল

গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে '05917' নম্বৰৰ এখন বিশেষ ৰেল ডিব্ৰুগড়ৰৰ পৰা ধুবুৰীলৈকে চলিব ৷ মঙলবাৰে গুৰুদ্বাৰত অনুষ্ঠিত হোৱা গুৰু নানকৰ ৫৫০ তম জন্ম জয়ন্তীৰ অনুষ্ঠানত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এডিচনেল ডিভিজনেল ৰেলৱে মেনেজাৰ চমুকৈ ADRM মনোজ কুমাৰ জিন্দাল আৰু বাণিজ্যিক শাখা প্ৰবন্ধক ৰমেশ মাহতাই সদৰী কৰিলে এই তথ্য ।

author img

By

Published : Nov 13, 2019, 9:38 AM IST

ধুবুৰী লৈ বিশেষ ৰে'ল

ধুবুৰী, 13 নৱেম্বৰঃ শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱসলৈ মাজত বাকী কেইটামান দিন । ৩৪৪ তম শ্বহীদ দিৱসকলৈ পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গুৰুদ্বাৰত । অহা ২৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ'ব শ্বহীদ দিৱস । ইয়াৰ বাবে অঞ্চলটোত সমাগম হ'ব দেশ বিদেশৰ বহু ভক্ত আৰু পৰ্যটক । ইয়াৰ প্ৰতি লক্ষ্য কৰি বিগত বছৰৰ দৰে এইবেলিও ভাৰতীয় ৰেল বিভাগৰ উত্তৰ পূৱ সীমান্ত ৰেলৰ তৰফৰ পৰা এখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে । গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে '05917' নম্বৰৰ এখন বিশেষ ৰেল ডিব্ৰুগড়ৰৰ পৰা ধুবুৰীলৈকে চলিব ৷ মঙলবাৰে গুৰুদ্বাৰত অনুষ্ঠিত হোৱা গুৰু নানকৰ ৫৫০ তম জন্ম জয়ন্তীৰ অনুষ্ঠানত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এডিচনেল ডিভিজনেল ৰেলৱে মেনেজাৰ চমুকৈ ADRM মনোজ কুমাৰ জিন্দাল আৰু বাণিজ্যিক শাখা প্ৰবন্ধক ৰমেশ মাহতাই সদৰী কৰিলে এই তথ্য । ২৯ নৱেম্বৰৰ পুৱা আঠ বজাত ধুবুৰী ৰেলৱে ষ্টেচনত ৰেলখন উপস্থিত হ'ব বুলিও জনায় মনোজ কুমাৰ জিন্দালে ।

Intro:অহা ২৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হব শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱস। সমাগম হব দেশ বিদেশৰ বহু ভক্ত অনুৰাগী আৰু পৰ্য্যটক। এই উপলক্ষে ভাৰতীয় ৰেল বিভাগে লৈছে এক গুৰুত্বপূৰ্ণ ভূমিকা। ডিব্ৰুগড়ৰৰ পৰা ধুবুৰী লৈ চলিব এখন বিশেষ ৰেল।

Body:

শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱস লৈ মাজত মাত্ৰ কেইটা দিন বাকী। এই লৈ পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গুৰুদ্বাৰত। প্ৰতি বছৰৰ দৰে এইবেলিও তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস পালন কৰাৰ বাবে চলিছে প্ৰস্তুতি। ধুবুৰী গুৰুদ্বাৰৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি অহা ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হব ৩৪৪ তম শ্বহীদ দিৱসৰ কাৰ্য্যসূচী। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হব হেজাৰ হেজাৰ ভক্ত আৰু পৰ্য্যটক। ইয়াৰ প্ৰতি লক্ষ্য কৰি বিগত দিনৰ দৰে এইবেলিও ভাৰতীয় ৰেল বিভাগৰ উত্তৰ পূৱ সীমান্ত ৰেলৰ ফালৰ পৰা বিশেষ সেৱাৰ প্ৰতি লক্ষ্য কৰি এখন বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। আজি গুৰুদ্বাৰত অনুষ্ঠিত হোৱা গুৰু নানকৰ ৫৫০ তম জন্ম জয়ন্তীৰ অনুষ্ঠানত উপস্থিত হৈ উত্তৰ পূব ৰেল সীমান্তৰ এডিচনাল ডিভিজনাল ৰেলৱে মেনেজাৰ চমুকৈ ADRM মনোজ কুমাৰ জিন্দাল আৰু ডিভিজনাল কমাৰ্চিয়েল মেনেজাৰ ৰমেশ মাহত। ৰেল বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াদ্বয়ে গুৰুদ্বাৰত উপস্থিত হৈ গুৰুদ্বাৰৰ প্ৰবন্ধক গুৰবিন্দৰ সিঙৰ সৈতে এক আলোচনাত মিলিত হয়। ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে 05917 নম্বৰৰ এখন বিশেষ ৰেল ডিব্ৰুগড়ৰৰ পৰা ধুবুৰী লৈ যাব বুলি উল্লেখ কৰি ২৯ নৱেম্বৰৰ পুৱা আঠ বজাত ধুবুৰী ৰেলৱে ষ্টেচনত ৰেলখন উপস্থিত হব বুলি জনায়।

Byte:- ৰমেশ মাহত, ডিভিজনাল কমাৰ্চিয়েল মেনেজাৰ/
মনোজ কুমাৰ জিন্দাল, ADRM

Conclusion:ইপিনে গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে ধুবুৰী ৰেলৱে ষ্টেচনতো ব্যপক তৎপৰতা অৱলম্বন কৰিছে বুলিও উল্লেখ কৰে ৰেল বিভাগৰ বিষয়াদ্বয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.