ETV Bharat / state

সোণ ৰূপৰ অলংকাৰ নাপাই চোকা অস্ত্ৰৰে গৃহস্থক হত্যাৰ চেষ্টা ডকাইতৰ

এক লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হৈছে বিলাসীপাৰাত | ডকাইতৰ এটা দলে চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চলালে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ৷

goons-tried-to-kill-owner-after-failed-attempt-of-robbery
সোণ ৰূপৰ অলংকাৰ নাপাই চোকা অস্ত্ৰৰে গৃহস্থক হত্যাৰ চেষ্টা ডকাইটৰ
author img

By

Published : May 18, 2021, 10:02 PM IST

বিলাসীপাৰা, 18 মে’: ৰাজ্যত কৰ’ণা মহামাৰীৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা ৷ ইয়াৰ মাজতে ডকাইতিৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত গোপীগাঁৱত ৷

ঘটনা অনুসৰি, শুকুৰবাৰে গাঁওখনৰ পৰমানন্দ নাথ নামৰ লোকজনৰ পত্নী, পুত্ৰ আৰু বোৱাৰী চুবুৰীয়া লোকৰ ঘৰত চলি থকা এখন বিয়ালৈ যোৱাত অকলেই ঘৰত থাকিব লগীয়া হৈছিল ৷ এই সুযোগ গ্ৰহণ কৰি নাথৰ ঘৰত ডকাইতিৰ উদ্দেশ্যে প্ৰৱেশ কৰে একেখন গাঁৱৰে নকুল নাথ আৰু শালটাৰী গাঁৱৰ বিভাষ নাথ তথা পৱন নাথে ৷

সোণ ৰূপৰ অলংকাৰ নাপাই চোকা অস্ত্ৰৰে গৃহস্থক হত্যাৰ চেষ্টা ডকাইটৰ

অৱশ্যে, ঘৰৰ লোকসকল বিয়া ঘৰলৈ যোৱা হেতুকে কোনোধৰণৰ সোণ ৰূপৰ অলংকাৰ বিচাৰি উলিয়াব নোৱাৰি খঙত উদ্বাউল হৈ পৰে ডকাইতৰ দলটো ৷ গৃহস্থ পৰমানন্দ নাথে ডকাইতৰ দলটোক চিনি পাবলৈ সক্ষম হোৱাত বিবুদ্ধিত পৰে দলটো ৷

উপায়ন্তৰ হৈ ডকাইতৰ দলটোৱে পৰমানন্দ নাথেক হত্যা কৰাৰ সিদ্ধান্ত লৈ তেওঁক উপৰ্যুপৰি চোকা অস্ত্ৰৰে আঘাত কৰি গুচি যায় ৷ এই ঘটনা সংঘটিত হৈ যোৱাৰ পিছত পৰিয়ালৰ লোকে তেওঁক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি নিশাই গুৱাহাটী জি এম চি এইছত ভৰ্তি কৰে ৷

জানিব পৰা মতে, সম্প্ৰতি নাথৰ স্বাস্থ্য সংকটমুক্ত ৷ এই ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত ডকাইত তিনিজনৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে নকুল নাথ আৰু পৱন নাথক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও বিভাষ নাথ এতিয়াও মুক্ত আকাশৰ তলতে আছে ৷

সম্প্ৰতি গোটেই কেইজন অভিযুক্তক আটক কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে পৱন নাথৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : আৰ্তজনৰ কাষত খুমটাইৰ বিধায়ক মৃনাল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.