ধুবুৰী,29 নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে পৱিত্ৰ ৰাস মহোৎসৱ ৷ কিন্তু ইয়াৰ মাজতে কৰ’ণা মহামাৰীয়ে হ্ৰাস কৰিছে ৰাসৰ উল্লাস ৷ সমান্তৰালকৈ, ধুবুৰীৰ গোলকগঞ্জৰ আগমনীতো বিগত বছৰসমূহৰ দৰে ধূম ধামেৰে অনুষ্ঠিত কৰা নহয় ৰাস মহোৎসৱ ৷ ইয়াৰ পৰিৱৰ্তে কেৱল ধৰ্মীয় পৰম্পৰা সম্পন্ন কৰিহে অনুষ্ঠিত হ’ব ৰাস ৷
উল্লেখ্য যে, বিগত চৈধ্য বছৰে আগমনীৰ কালডোবা তৃতীয় খণ্ড গাঁৱত উদযাপিত কৰা হৈছিল এই ৰাস মহোৎসৱখনি ৷ আনহাতে, একেই পৰিৱেশ দেখা দিছে নামনি অসমৰ নলবাৰী, হাউলী ৰাস মহোৎসৱস্থলীতো ৷ জাক জমকতাৰ সলনি এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাস ৷
লগতে পঢ়ক-বিটিচিত অশান্ত পৰিৱেশ সৃষ্টি হ'লে দায়ী হ’ব হিমন্ত বিশ্ব শৰ্মাঃ ড° অঞ্জলী প্ৰভা দৈমাৰী