পশ্চিম বিলাসীপাৰা, 6 ছেপ্তেম্বৰ : দেওবাৰে আয়োজিত সংবাদমেলত উপস্থিত থাকে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ, জনগোষ্ঠীয় সম্পাদক ৰবিয়াল হুছেইন আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সভাপতি শ্বেখ হেদায়ৎ উল্লাহ ৷ সংবাদ মেলত সংগঠন দুটাই বিধান সভাত গৃহীত হোৱা মৰাণ, মটক, কোচ ৰাজবংশী স্বায়ত্ব পৰিষদক স্বাগতম জনায় ৷
কিন্তু কমতাপুৰ পৰিষদত ভূমিপুত্ৰ দেশী মুছলমান লোক সকলৰো সুকীয়া জৰীপৰ জৰিয়তে সম অধিকাৰ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ সংবাদমেলত লেখক সাহিত্যিক তথা দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি শ্বেখ হেদায়ৎ উল্লাহই উল্লেখ কৰে যে, দেশী মুছলমান লোক সকলে কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত ভূমিপুত্ৰ ৷ এই ভূমিপুত্ৰ দেশী মুছলমান সকলে নামনি অসমৰ বহু কেইখন বিধানসভা সমষ্টিত প্ৰতিনিধি নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলিও উল্লেখ কৰে ৷
লগতে চাওক-খাৰুপেটীয়াৰ যুৱকে উদ্ভাৱন কৰিলে বেটাৰী চালিত চাইকেল