বিলাসীপাৰা, 6 জানুৱাৰী: বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক মৰ্মান্তিক আত্মহত্যাৰ ঘটনা ৷ বিলাসীপাৰা মহকুমাৰ ছুৱাপাতা মদনেৰ আলগা গাঁৱত দাৰিদ্ৰতাৰ তাড়না সহিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে এগৰাকী 17 বছৰীয়া কিশোৰীয়ে ৷ দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ থকা কিশোৰী গৰাকীয়ে চিকিৎসাৰ অভাৱত বুধবাৰে পুৱতি নিশা ঘৰৰ ওচৰতে চীপ লৈ আত্মহত্যা কৰে ৷
উল্লেখ্য যে, কিশোৰী গৰাকী গাঁও খনৰে ছুৰমান আলীৰ কন্যা শাহিদা খাতুন ৷ স্থানীয় লোকে মৃত দেহ প্ৰত্যক্ষ কৰাৰ পাচতে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷ কিশোৰী গৰাকীৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক: অভয়াপুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল