ETV Bharat / state

অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত গৌৰাং নদী পথ - চোৰাং চাউল ভৰ্তি নাও জব্দ

অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত হৈছে গৌৰাং নদী পথ ৷ নিশাৰ আন্ধাৰত নৈ খনেৰে নিতৌ সৰবৰাহ হয় চোৰাং গৰু, ম'হকে আদি কৰি বিভিন্ন চোৰাং সামগ্ৰী ৷

আৰক্ষীৰ অভিযান
চোৰাং চাউল জব্দ
author img

By

Published : Oct 22, 2020, 9:55 AM IST

পশ্চিম বিলাসীপাৰা, 22 অক্টোবৰ : অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত হৈছে গৌৰাং নদী পথ ৷ নিশাৰ আন্ধাৰত নৈ খনেৰে নিতৌ সৰবৰাহ হয় চোৰাং গৰু, ম'হকে আদি কৰি বিভিন্ন চোৰাং সামগ্ৰী ৷

তেনে অবৈধ কাৰ্য-কলাপৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱতি নিশা বিলাসীপাৰাৰ শালকোচা আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষী বিষয়া সতিন সিংহ আৰু মুক্তাৰ আহমেদৰ নেতৃত্বত চলোৱা অভিযানত গৌৰাং নৈত চোৰাং চাউল ভৰ্তি এখন নাও জব্দ কৰা হয় ৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই নদীত জপিয়াই পলায়ন কৰে চোৰাং চাউল সৰবৰাহকাৰী ৷

অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত গৌৰাং নদী পথ
বিলাসীপাৰাৰ শালকোচা আৰক্ষীৰ অভিযানত চাউল জব্দ

চোৰাং চাউলসমূহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউল আছিল বুলি জানিব পৰা গৈছে ৷ ছুৱাপাতা তৃতীয় খণ্ড গাঁৱত জব্দ কৰা হয় এই চোৰাং চাউল ৷ পৰৱৰ্তী সময়ত শালকোচা আৰক্ষীয়ে চোৰাং চাউল ভৰ্তি নাওখন বিলাসীপাৰা আৰক্ষী থানাত চমজাই দিয়ে ৷

লগতে পঢ়ক : কচুগাওঁ বনাঞ্চলত বন গাহৰি-পহু মাংসসহ তিনি চোৰাং চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.