পূৱ বিলাসীপাৰা,21 অক্টোবৰ : পূৱ বিলাসীপাৰাৰ চাপৰত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ,নিচাযুক্ত দ্ৰব্য,গাঞ্জা আদি বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ পয়োভৰ । চাপৰ ৰাজহ চক্ৰৰ বিভিন্ন স্থানত মুকলিভাৱে চলিছে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা ৷
![Ganja seized in Chapar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9253220_photo.jpg)
ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে নিশা চাপৰৰ সত্যপুৰত ব্ৰাউন চুগাৰ জব্দ কৰাৰ পিছদিনাই অৰ্থাৎ মঙলবাৰে নিশা শালকোচা আৰক্ষীয়ে পুনৰ জব্দ কৰে 14 কিলোগ্ৰাম গাঞ্জা ।
![Ganja seized in Chapar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-blp-east-21oct-801804-ganja-photovisualbyte-udayaditya-roy_21102020080821_2110f_1603247901_972.jpg)
চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথে শালকোচা আৰক্ষীৰ সহযোগত সামৰাইপাৰা গাঁৱত অভিযান চলাই নীলকণ্ঠ নাথ নামৰ লোক এজনৰ ঘৰৰ পৰা গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় । লগতে আটক কৰে নীলকণ্ঠ নাথক ।
গাঞ্জাখিনি 48 হাজাৰ টকাত ক্ৰয় কৰাৰ লগতে ওদালগুৰিলৈ এই গাঞ্জা সৰবৰাহৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে ধৃত গাঞ্জা ব্যৱসায়ী নীলকণ্ঠ নাথে ৷
লগতে পঢ়ক : নগাঁৱৰ কেন্দুগুৰিত পিষ্টল দেখুৱাই নগদ ধন কাঢ়ি নিলে দুৰ্বৃত্তই