ধুবুৰী, ২৯ নৱেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে দেওবাৰে ধুবুৰী জিলাৰ ৩ খন আৰক্ষী থানাৰ আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে । ধুবুৰী সদৰ থানা, তামাৰহাট আৰু সাপটগ্ৰাম আৰক্ষী থানাৰ আৰক্ষী নিৱেশৰ আধাৰশিলা ভিডিঅ' কনফাৰেন্সযোগে স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পি ই বি প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব আৰক্ষী নিৱেশ ।
![ধুবুৰীত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-29nov-foundation-stone-visbyte-as10041_29112020144354_2911f_00913_566.jpg)
দেওবাৰে মাজুলীত অনুষ্ঠিত এক আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আন জিলাত ভিডিঅ' কনফাৰেন্সযোগে আধাৰশিলা স্থাপন কৰে।
![ধুবুৰীত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-29nov-foundation-stone-visbyte-as10041_29112020144354_2911f_00913_923.jpg)
ধুবুৰী আৰক্ষী চাউনিত আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈ বিধায়ক অশোক কুমাৰ সিংহি, ধুবুৰী জিলা উপযুক্ত আনন্তলাল জ্ঞানী আৰু জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তিনিখন আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, দেওবাৰৰ অনুষ্ঠানত জিলাখনৰ উচ্চ পদস্থ বিষয়াসকলো উপস্থিত থাকে।
লগতে পঢ়ক:বিজেপিয়ে কল খাই বাকলিটো খুৱাব বিটিচিবাসীক : নৱ শৰণীয়া