ধুবুৰী,27 নৱেম্বৰঃ ২০১০ চনত নিযুক্তি পত্ৰ লাভ কৰা এজন বন কৰ্মীৰ চকুত আজি চকুলো। বনাঞ্চল সুৰক্ষাৰ পৰিৱৰ্তে এতিয়া কৰিছে দিন হাজিৰা। কৰিছে কুলিৰ কাম। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই বন বিভাগে বছৰ বছৰে কন্দুৱাইছে এজন নিষ্ঠাবান বন কৰ্মীক। বিপৰীতে এজন ভুৱা বন কৰ্মীয়ে ভোগ কৰিছে চৰকাৰী দৰমহা।
বিটিএডিৰ এজন বন কৰ্মীৰ বিননী শুনিব কোনে দৰাচলতে বিটিএডিৰ মাক্ৰিঝোৰাৰ মণিপুৰ প্ৰথম খণ্ড গাঁওৰ আব্দুল্লা শেখৰ পুত্ৰ ফজল হক নামৰ লোকেজনে ১৯৯৩ চনৰ পৰা মাষ্টাৰ ৰোলত এজন কেজুৱেল লেবাৰ হিচাপে কাম কৰি আহিছিল খৰাঘট ৰেঞ্জৰ অন্তৰ্গত মাক্ৰিঝোৰা বিট কাৰ্য্যালয়ত । তাৰ পিছতে ১৯৯৬ চনত মাক্ৰিঝোৰাৰ ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ টিক চেগুন বাগান এখন চোৱাচিতাৰ বাবে ফজলক দায়িত্ব দিছিল তদানীন্তন বিট অফিচাৰ সাজাহান আহমেদে । এনে সময়তে ২০০৬ চনত চৰকাৰী বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হয় কোকৰাঝাৰৰ চৰাইখলাত। তাৰ পিছতেই চৰকাৰৰ নিৰ্দেশ মৰ্মে ২০০৮ চনৰ পৰা কেজুৱেল লেবাৰ পদত ফজলক ৰেগুলাৰ হিচাপে দেখুৱা হৈছিল বিভাগীয় ভাবে ।
বিটিএডিৰ এজন বন কৰ্মীৰ বিননী শুনিব কোনে ! ইপিনে ২০১০ চনত ফজলে কেজুৱেল লেবাৰ পদত নিযুক্তি পত্ৰ লাভ কৰাৰ পিছত বন বিভাগৰ পৰ্বতঝৰা ডিভিজন কাৰ্য্যালয়ত যোগদান কৰিবলৈ যায় যদিওঁ বিভাগীয় তালিকাত ফজলৰ দেউতাকৰ নাম আবুল হুছেইন বুলি উল্লেখ থকা প্ৰত্যক্ষ কৰে। আনহাতে ফজলৰ ঠাইত বিলাসীপাৰাৰ খেৰডুবি হাতিপতা অঞ্চলৰ আন এক ভুৱা ফজলৰ নাম তালিকাভুক্ত কৰি চক্ৰান্তমূলক ভাবে বঞ্চিত কৰা হৈছিল ফজল শেখক । সেইসময়ত চাকৰিত যোগদান কৰাত বাধা দিছিল তদানীন্তন বন সংমণ্ডল বিষয়া এ চি দাসে ।
বিটিএডিৰ এজন বন কৰ্মীৰ বিননী শুনিব কোনে আনহাতে চৰকাৰী নিযুক্তি পত্ৰ পাই চাকৰিত যোগদান কৰিব নোৱাৰা ফজলে বিষয়াৰ পিছে পিছে ঘূৰি কোনো সঁহাৰি নাপাই দুই বছৰ পিছত কোকৰাঝাৰ আদালতত গোচৰ ৰুজু কৰে । বন বিভাগে আদালতৰ নিৰ্দেশৰ পিছত প্ৰকৃত ফজল বুলি লিখিত হিচাপে দি চক্ৰান্তমূলক ভাবে গোচৰ নিষ্পত্তি কৰায় যদিওঁ নিযুক্তি নিদিয়ে ফজলক । উপায়ন্তৰ হৈ পুনৰ ২০১৪ চনত ভুক্তভোগী ফজলে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰায় । উক্ত গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ফজল শেখৰ সপক্ষে ৰায় প্ৰদান কৰি ফজলক নিযুক্তি দিবলৈ নিৰ্দেশ জাৰি কৰে ২০১৭ চনত। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ তিনি বছৰ পিছত যোৱা ২৮ ছেপ্টেম্বৰত বৰ্তমানৰ বন সংমণ্ডল বিষয়াই ঘটনাৰ তদন্ত কৰিবলৈ ৰেঞ্জাৰক দায়িত্ব দিয়ে । কিন্তু আজিলৈকে বন বিভাগত নিযুক্তি নাপালে ফজলে । বৰ্তমানে চৰকাৰ আৰু বিভাগীয় বিষয়াৰ কোনো সঁহাৰি নোপোৱা ফজলে এতিয়া দিন হাজিৰা কৰাৰ লগতে কুলিৰ কাম কৰি পাঁচ জনীয়া পৰিয়াল পোহপাল দিব লগীয়া হৈছে । সাংবাদিকৰ কেমেৰাৰ আগত নিজৰ দুখৰ কাহিনী কৈ আবেগিক হৈ পৰিল ফজল । আনকি চৰকাৰে ফজলক নিযুক্তি নিদিলে আত্মহত্যাৰ দৰে পথ বাছি ল’ব বুলি কোৱাৰ লগতে ইয়াৰ বাবে বন বিভাগৰ তদানীন্তন বিষয়া সকলে দায়ী হ’ব বুলি উল্লেখ কৰে ফজলে ।উল্লেখ্য যে, প্ৰকৃত ফজলক চক্ৰান্তমূলক ভাবে বঞ্চিত কৰি এজন ভুৱা ফজলক বিগত দহ বছৰে নিযুক্তি দি চৰকাৰী দৰমহা দিয়া কাৰ্য্য কিমান গ্রহণযোগ্য । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশিলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনত এইজন বন কৰ্মী ফজলে নিযুক্তি পাবনে ? নে ভুৱা বন কৰ্মী গৰাকীয়েই পাব চৰকাৰী সুবিধা ? এতিয়া সেয়াই লাখ টকীয়া প্ৰশ্ন।লগতে পঢ়কঃ
একেটা মন্দিৰতেই দুবাৰকৈ চোৰে লুটিলে সামগ্ৰী