ETV Bharat / state

নিচাজাতীয় দ্ৰব্যৰে বিলাসীপাৰাত আটক চাৰি ব্যৱসায়ী - অপৰাধ প্ৰৱণতা

পূৱ বিলাসীপাৰাৰ চাপৰত চাৰিজনকৈ অবৈধ নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ী আটক ৷ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ ৷

নিচাজাতীয় দ্ৰব্য
নিচাজাতীয় দ্ৰব্য
author img

By

Published : Sep 10, 2020, 2:15 PM IST

পূৱ বিলাসীপাৰা, ১০ ছেপ্টেম্বৰ : অপৰাধ প্ৰৱণতাই যেন ক্ৰমাৎ গ্ৰাস কৰিছে পূৱ বিলাসীপাৰাৰ জিলাৰ চাপৰ অঞ্চলত। চাপৰ অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰৱ্য,মদ,তীৰ,জুৱা,আদি বিভিন্ন অসামাজিক কাৰ্যকলাপ । চাপৰ ৰাজহ চক্ৰৰ বিভিন্ন স্থানত মুকলি ভাৱে চলিছে নিচাযুক্ত দ্ৰৱৰ ৰমৰমীয়া বেহা ।

নিচাজাতীয় দ্ৰব্যসহ আটক চাৰি ব্যৱসায়ী

যাৰ পৰিপ্ৰেক্ষিতত এক গোপন সূত্ৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চাপৰ আৰক্ষীৰ সহযোগত বুধবাৰে নিশা চাপৰ অঞ্চলত অভিযান চলাই হাতে-লোটে আটক কৰে আমিনুল ইছলাম,ইউছুফ খান,আলী হুছেইন আৰু আফছাৰ আলী নামৰ চাৰিজন অবৈধ নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীক ৷ ইয়াৰ লগতে জব্দ কৰে দুখন বাইকসহ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফচিৰাপ । বাহন দুখনৰ নম্বৰ ক্ৰমে - AS-P-2064 আৰু AS-D-4893 । জানিব পৰা মতে জব্দকৃত নিচাজাতীয় দ্ৰব্যৰ ভিতৰত টেবলেট ১১শ টা, কেপচুল ১২২৪ টা আৰু কফ চিৰাফৰ বটল ১১টা । সম্প্ৰতি আটকাধীন আটাইকে চাপৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে ।

লগতে পঢ়ক : শাসক বিৰোধী উভয়ৰে চূড়ান্ত প্ৰতাৰণাৰ বলি বিশ্বনাথৰ ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.