বিলাসীপাৰা,১৪ মাৰ্চ: বিলাসীপাৰাস্থিত প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত তথা বাঘমাৰী যুৱ সংঘৰ সহযোগত বাঘমাৰী খেলপথাৰত আয়োজন কৰা হয় শ্বহীদ হৰধন চন্দ্ৰ ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ । দেওবাৰে এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় কোকৰাঝাৰৰ দিহাং স্পৰ্টচ ক্লাব আৰু লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ মাজত । খেলখনত ৩-১ গলৰ ব্যৱধানত লক্ষীগঞ্জ ব্ৰাইট ক্লাবে বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ।
বিজয়ী দলক বীৰ জোৱান শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ পত্নী বকুল দেৱীয়ে বঁটা প্ৰদান কৰে । চূড়ান্ত বিজয়ী দলক ট্ৰফীৰ লগতে নগদ ৩০ হাজাৰ টকা প্ৰদান কৰা হয় । লগতে আনটো দলক ট্ৰফীৰ লগতে ২০ হাজাৰ টকা প্ৰদান কৰা হয় । প্ৰতিযোগিতাখনত মুঠ ৮ টা দলে অংশ গ্ৰহণ কৰিছিল ।
লগতে পঢ়ক: বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এগৰাকী ব্যতিক্ৰমী সমৰ্থক