ধুবুৰী,22 জুলাই: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালো নদীৰ গৰাখনীয়াই ভাবুকি কঢ়িয়াই আনিছে জন জীৱনৰ প্ৰতি ৷ জিলাখনৰ ধানুৱা গাওঁ পঞ্চায়তৰ কুমাৰঘাটি অঞ্চলত বিগত কিছুদিনৰ পৰা গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত স্বাভাৱিকতে আতংকিত হৈ পৰিছে জন সাধাৰণ ৷ কেইবাদিনো ধৰি ৰাজ্যত অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে কালো নদীৰ জলস্তৰ বৃদ্ধি কৰাত বানৰ পৰিমাণ বৃদ্ধি হৈছে জিলাখনত ৷
ইফালে,বানৰ সমান্তৰালকৈ কালো নদীৰ বাঢ়নী পানীয়ে ঠাই বিশেষে গৰাখহনীয়া সৃষ্টি কৰাত ভাবুকি সৃষ্টি হৈছে কুমাৰঘাটি গাঁৱলৈ ৷ কিন্তু ইয়াৰ পিছতো স্থানীয় ৰাইজে সকলো সমস্যাৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰজাঘৰীয়াৰ বিৰুদ্ধে ৷ উপায়বিহীন ৰাইজে সমষ্টিটোৰ সাংসদ বদৰুদ্দিন আজমলক এইক্ষেত্ৰত আগবাঢ়ি আহি ৰাইজৰ সমস্যা সমাধানৰ লগতে উক্ত অঞ্চলটো গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ৷
লগতে চাওকঃ দ্বীপজ্যোতি গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া