ETV Bharat / state

কালভাৰ্টক লৈ হাটশিঙিমাৰীৰ কানাইমাৰাত অবাঞ্চিত পৰিস্থিতি - কানাইমাৰাত অবাঞ্চিত পৰিস্থিতি

হাটশিঙিমাৰী-কানাইমাৰা সংযোগী পথৰ কানাইমাৰাত থকা কালভাৰ্ট এটাৰ মুখত মাটি পেলাই বন্ধ কৰি দিয়ে এজন লোকে ৷ তাৰ ফলত পানী আবদ্ধ হৈ বুৰাই পেলাই অঞ্চলটো ৷ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিলে গঞা ৰাইজে ৷

কালভাৰ্টকলৈ হাটশিঙিমাৰীৰ কানাইমাৰাত অবাঞ্চিত পৰিস্থিতি

author img

By

Published : Jul 24, 2020, 5:16 PM IST

ধুবুৰী, 24 জুলাইঃ এটা কালভাৰ্টক লৈ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হ'ল ধুবুৰীৰ হাটশিঙিমাৰীত ৷ হাটশিঙিমাৰী-কানাইমাৰা সংযোগী পথৰ ওপৰত কানাইমাৰাত থকা কালভাৰ্ট এটা বন্ধ কৰাক লৈ সৃষ্টি হৈছে এই অবাঞ্চিত পৰিস্থিতি ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি অঞ্চলটোৰ বাসিন্দা আব্দুল গহুৰ নামৰ এজন লোকে কালভাৰ্টৰ সমুখ ভাগত মাটি পেলাই পুটি পেলাইছে কালভাৰ্টটোৰ মুখ ৷ যাৰ ফলত বন্ধ হৈ পৰিছে কালভাৰ্টটোৰে পানী প্ৰবাহৰ ব্যৱস্থা ৷

কালভাৰ্টকলৈ হাটশিঙিমাৰীৰ কানাইমাৰাত অবাঞ্চিত পৰিস্থিতি

কালভাৰ্টটোৰে পানীৰ পৰিবাহিত হ’ব নোৱাৰি সৃষ্টি কৰিছে কৃত্ৰিম বানৰ ৷ বহু কেইঘৰ লোকৰ গৃহৰ লগতে অঞ্চলটোৰ এখন বিদ্যালয় আৰু বহু বিঘা ভূমিৰ মৰাপাট আৰু ধান খেতিও বুৰাই পেলাইছে কৃত্ৰিম বানে ৷

সেয়ে কালভাৰ্টটো শীৰ্ঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী তোলে স্থানীয় লোক সকলে ৷ লগতে ঘটনাটোত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰকপ্ৰত্ৰ ৷

লগতে পঢ়কঃ বানৰ প্ৰৱল সোঁতে ছিঙিলে তিলৱা নদীৰ মথাউৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.