ETV Bharat / state

বিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নি পানীত প্লাৱিত অৰ্ধ শতাধিক গাঁও - গৌৰাং নৈ

গৌৰাং নৈৰ বাঢ়নী পানীত প্লাৱিত বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চল ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীত ঘৰ-দুৱাৰত এককাল লৈকে পানীত ডুব যোৱাত শংকিত হৈ পৰিছে বানাক্ৰান্ত লোকসকল ৷

Flood At Bilashipara
বিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নি পানীত প্লাবিত অৰ্ধ শতাধিক গাঁও
author img

By

Published : Aug 1, 2020, 5:01 PM IST

পশ্চিম বিলাসীপাৰা, আগষ্টঃ শুকুৰবাৰে সন্ধিয়াৰে পৰা হঠাৎ গৌৰাং নৈৰ বাঢ়নী পানীত প্লাৱিত বিলাসীপাৰাৰ অৰ্ধ শতাধিক গাঁও । ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীত গৃহহাৰা হৈ পৰিছে সহস্ৰাধিক পৰিয়াল ৷

বিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নি পানীত প্লাবিত অৰ্ধ শতাধিক গাঁও

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদোত জোহা ৷ কিন্তু এই পবিত্ৰ ঈদ উৎসৱৰ দিনটোতে ধুবুৰী জিলাৰ বিলাসীপাৰাত ম্লান পৰিছে ঈদৰ আনন্দ উচাহ ৷ কাৰণ শুকুৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ গৌৰাং নৈৰ বাঢ়নী পানীত প্লাৱিত বিলাসীপাৰাৰ অৰ্ধ শতাধিক গাঁও। ইফালে নৈ খনৰ বাঢ়নী পানীত গৃহহীন হৈ পৰিছে সহস্ৰাধিক বানাক্ৰান্ত পৰিয়াল ৷ ইতিমধ্যে নৈ খনৰ প্ৰলয়ংকৰী বানত ঘৰ দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট হোৱাৰ উপৰিও বিলাসীপাৰাৰ কেবাটাও গড়কাপ্তানী পথ বুৰাই পেলাইছে ৷ ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত সেৱা ৷ আনফালে খোৱা লোৱাকে ধৰি বানাক্ৰান্ত লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক- গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.