মানকাচৰ, 15 মে’: মানকাচৰৰ ফেকামাৰী মণ্ডল পাৰাত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত জাহ যায় এখন গেলামাল দোকান ৷ হাছিনুৰ ৰহমান নামৰ এজন ব্যৱসায়ীৰ গেলামালৰ দোকানত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ ফলত প্ৰায় 10 লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ নিৰ্বাপন কৰে জুই । অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : ব্যপক খহনীয়াঃ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পথত ডিব্ৰুগড় চহৰ !