ETV Bharat / state

মানকাচাৰত ভয়াবহ অগ্নিকাণ্ডঃ বহু নথি-পত্ৰ ভস্মীভূত - মানকাচাৰত ভয়াবহ অগ্নিকাণ্ড : বহু নথি-পত্ৰ ভস্মীভূত

দক্ষিণ শালমাৰা মানকাচাৰৰ সুখচৰত এক ভয়ংকৰ অগ্নিকাণ্ডত বহু নথি-পত্ৰ ভস্মীভূত হয় ৷ ইয়াৰোপৰি, বিশ লাখ টকাৰ সা-সম্পত্তি জাহ যায় ৷

বহু নথি-পত্ৰ ভস্মীভূত
মানকাচাৰত ভয়াবহ অগ্নিকাণ্ড
author img

By

Published : Dec 1, 2019, 12:59 PM IST

ধুবুৰী, 1 ডিচেম্বৰঃ দক্ষিণ শালমাৰা-মানকাচাৰৰ সুখচৰত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । সুখচৰৰ ৰহিম আলী নামৰ লোকজনৰ ঘৰত নিশা বিদ্যুৎ বিজুতি ঘটাৰ ফলত প্ৰথমতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । পাচত মুহূৰ্তৰ ভিতৰতে ঘৰৰ ভিতৰত থকা দুটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয় ।

এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে এন আৰ চি আৰু মাটি সম্পত্তিৰ নথিপত্ৰ সহ প্ৰায় বিশ লাখ টকাৰ সা-সম্পত্তি জাহ যায় বুলি উল্লেখ কৰে পৰিয়ালটোৱে ।

মানকাচাৰত ভয়াবহ অগ্নিকাণ্ড

ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে সকলো সা-সম্পত্তি পুৰি ভস্মীভূত হয় ৷

আৰু পঢ়ক : এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক গ্ৰেপ্তাৰ

Intro:দক্ষিণ শালমাৰা মানকাচৰৰ সুখচৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুৎ বিজুতি ঘটি সূত্ৰপাত হোৱাৰ পিছত ঘৰৰ ভিতৰত বিস্ফোৰণ ঘটে দুটাকৈ ৰন্ধন গেছ ছিলিণ্ডাৰ।Body:
দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ সুখচৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সুখচৰৰ ৰহিম আলী নামৰ লোকজনৰ ঘৰত নিশা বিদ্যুৎ বিজুতি ঘটাৰ ফলত প্ৰথমতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। পিছত মুহুৰ্তৰ ভিতৰত ঘৰৰ ভিতৰত থকা দুটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয়। ফলত ৰহিমৰ বাসগৃহৰ দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে এন আৰ চি আৰু মাটি সম্পত্তিৰ নথিপত্ৰ সহ প্ৰায় বিশ লাখ টকাৰ সা সম্পত্তি জাহ যায় বুলি উল্লেখ কৰে ভুক্তভোগী পৰিয়ালটোৱে।

Byte:- ৰহিমৰ পত্নীConclusion:অৱশ্যে ঘটনাৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনা স্থলীত আহি উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিওঁ ইতিমধ্যে সকলো সা সম্পত্তি পুৰি ভস্মীভূত হয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.