বিলাসীপাৰা, 1 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে বিলাসীপাৰাত সংঘটিত হৈছে এটা বিক্ষিপ্ত ঘটনা ৷ চহৰখনৰ তিনি নম্বৰ ৱাৰ্ডস্থিত সিদ্ধান্ত ক্লিনিকৰ স্বতাধিকাৰী তথা চিকিৎসক ডাঃ বি চি নাথে শুকুৰবাৰে পুৱাৰ ভাগত এক জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ সুৰাৰ ৰাগীত মাতাল হৈ চিকিৎসক জনে ৱাৰ্ডটোত থকা এজন দৰিদ্ৰ লোকৰ ঘৰত আৰু ঘৰৰ লগতে থকা তৰ্জাৰ বেৰৰ দোকানত অগ্নি সংযোগ কৰে বুলি স্থানীয় সূত্ৰই অভিযোগ তুলিছে ৷
অগ্নি সংযোগৰ ফলত নিমিসতে জ্বলি উঠে ঘৰটো ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে ঘৰ দুটা সম্পুৰ্ণ ৰূপে ভস্মীভূত হয় ৷ কেৱল এই ঘটনাই প্ৰথম নহয় ৷ সময়ে সময়ে চিকিৎসক নাথে এনে ধৰণৰ গুণ্ডাগিৰি চলাই অহাত অতীষ্ঠ হৈ পৰিছে ৱাৰ্ডটোৰ একাংশ লোকে ৷ নৱবৰ্ষৰ প্ৰথমটো দিনত চিকিৎসক জনৰ এনে অপকৰ্মত জাঙুৰ খাই উঠে ৱাৰ্ডটোৰ আবাসী সকল ৷ চিকিৎসক জনৰ কৰ্ম-কাণ্ডত ক্ষুদ্ধ হৈ পৰা লোক সকলে ওলোটাই আক্ৰমণ চলায় চিকিৎসক জনৰ বাসগৃহত ৷ চিকিৎসক জনৰ ঘৰৰ চৌহদ দেৱালৰ লগতে তেওঁৰ বাহনতো চলায় আক্ৰমণ ৷
ক্ষুদ্ধ ৰাইজে ভাঙি চূড়মাৰ কৰে চিকিৎসক গৰাকীৰ বাহন, চৌহদ দেৱাল ৷ ২৪ ঘন্টাৰ ভিতৰত চিকিৎসক নাথৰ গ্ৰেপ্তাৰৰ দাবী তোলে ৰাইজে ৷ পিছত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ নিয়ে ৷
লগতে পঢ়ক : লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা