ETV Bharat / state

ধুবুৰীত জিলা কৃষক সভাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - অনশন কাৰ্যসূচী

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটো সংযুক্ত কিষাণ মঞ্চই 'মহাত্মা গান্ধী হত্যা দিৱস' হিচাপে পালন কৰিছে । সংযুক্ত কিষাণ মঞ্চৰ আহ্বানমৰ্মে ৩ খন কৃষি আইন বাতিলৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ধুবুৰী জিলা কৃষক সভাই ।

ধুবুৰীত জিলা কৃষক সভাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Jan 30, 2021, 3:40 PM IST

ধুবুৰী, ৩০ জানুৱাৰী: ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক জাতিৰ পিতা মহাত্মা গান্ধীৰ 'হত্যাকাৰী' আখ্যা দিলে ধুবুৰী জিলা কৃষক সভাই । শনিবাৰে সংযুক্ত কৃষক মঞ্চই মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটো 'মহাত্মা গান্ধী হত্যা দিৱস' হিচাপে পালন কৰিছে । সংযুক্ত কৃষক মঞ্চৰ আহ্বানমৰ্মে এই দিনটোতে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে ধুবুৰী জিলা কৃষক সভাই ।

ধুবুৰীত জিলা কৃষক সভাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

কৃষক বিৰোধী ৩ খন আইনৰ বিৰোধিতাৰে দিল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । এই প্ৰতিবাদী কৃষকসকলৰ প্ৰতি সমৰ্থন জনাই দেশৰ ভিন্ন প্ৰান্তৰ কৃষক সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে । শনিবাৰে সংযুক্ত কৃষক মঞ্চৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধুবুৰী জিলা কৃষক সভাই ৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে আৰু লগতে মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটো 'মহাত্মা গান্ধী হত্যা দিৱস' হিচাপে পালন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ধুবুৰী জিলা কৃষক সভাৰ কৰ্মকৰ্তাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক জাতিৰ পিতা মহাত্মা গান্ধীৰ 'হত্যাকাৰী' আখ্যা দিয়ে । লগতে কৃষকৰ বিৰোধিতাৰ পিছতো কৃষি আইন বাতিল নকৰাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰে । আনহাতে কৃষক সভাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও আজি স্মাৰক পত্ৰ প্ৰদান নকৰে বুলি জনাইছে সংগঠনটোৰ নেতৃত্বই ।

লগতে পঢ়ক:গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.