ETV Bharat / state

Apiculture farming at west bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক - মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ একাংশ লোক

কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে হাহাকাৰ কৰাৰ সময়তে পশ্চিমবংগৰ একাংশ কৃষকে দেখুুৱাইছে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন । পশ্চিমবংগৰ পৰা মৌ পালকে আহি অসমত সংগ্ৰহ কৰিছে মৌ(Apiculture farming at West bengal) ।

Farmers are self reliant in beekeeping
মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ একাংশ লোক
author img

By

Published : Dec 19, 2022, 9:37 AM IST

মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ একাংশ লোক

ধুবুৰী, ১৯ ডিচেম্বৰ: শীতকালত সৌন্দৰ্য বৃদ্ধি কৰা খেতি হৈছে সৰিয়হৰ খেতি । এতিয়া সৰিয়হৰ খেতিৰ বতৰ । কৃষি প্ৰধান জিলা ধুবুৰীৰ প্ৰতিটো অঞ্চলতেই কৃষকে কৰিছে সৰিয়হৰ খেতি । চৌপাশে কেৱল হালধীয়া আৰু হালধীয়া । সৰিয়হৰ হালধীয়া ফুলবোৰত ঘূৰি ঘূৰি মৌ সংগ্ৰহ কৰিছে মৌ মাখিয়ে । বিশ্বাস কৰিবলৈ টান যে, এই লাখ লাখ মৌ মাখি কিন্তু ধুবুৰী তথা অসমৰ নহয় । এয়া চুবুৰীয়া ৰাজ্যৰ পশ্চিমবংগৰ মৌ-মাখি ।

দৰাচলতে প্ৰতিবছৰেই শীতকালত পশ্চিমবংগৰ মালদাহ অঞ্চলৰ পৰা প্ৰায় ১৫ টাকৈ মৌ-পালকৰ গোট আহি এইদৰে মৌ সংগ্ৰহ কৰে ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ সৰিয়হৰ ফুলৰ পৰা । গ্ৰীষ্মকালীন সময়ত নিজৰ নিজৰ অঞ্চলত বাকচত ভৰাই এইসমূহ মৌ মাখি পোহপাল দিয়ে । নিজৰ সন্তানৰ দৰেই লালন পালন কৰি শীতকালীন সময়ত এইসমূহ মৌ মাখি লৈ মৌ সংগ্ৰহ কৰিবলৈ ওলাই আহে মৌ-পালকসকল(Farmers are self reliant in beekeeping in West Bengal) ।

এটা এটা বাকচত মৌ মাখিৰ ৰাণী বহি থাকি বাকী মৌ মাখিক পঠিয়াই দিয়ে মৌ সংগ্ৰহ কৰিবলৈ(Apiculture farming at west bengal) । সেইমতে মৌ মাখিয়ে নিয়ম মতে মৌ সংগ্ৰহ কৰি বাকচৰ ভিতৰত থকা মৌ মাখিৰ ৰাণীৰ হাতত জমা দিয়ে(People do bee farming West Bengal) । এনেকৈ মাত্ৰ ১৫ দিনৰ পৰা ২০ দিনত এনে এটা এটা গোটৰ পৰা প্ৰায় ডেৰ পৰা দুই কুইণ্টল মৌ সংগ্ৰহ কৰে পশ্চিমবংগৰ মৌ-পালকসকলে । মুঠৰ ওপৰত পশ্চিমবংগৰ মৌ-পালক গোটে প্ৰতি বছৰে ধুবুৰীৰ পৰা প্ৰায় দুশ কুইণ্টল মৌ সংগ্ৰহ কৰি লৈ গৈছে ।

দিল্লীৰ কোনোবা এটা কোম্পানীক এনে শ শ কুইণ্টল মৌ প্ৰতি বছৰে যোগান দি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে মৌ-পালকসকলে । লক্ষণীয় বিষয় যে, যি সময়ত অসমৰ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাঁহাকাৰ কৰি আহিছে, তেনে সময়তে পশ্চিমবংগৰ একাংশ মৌ-পালকে মৌ পালন কৰি বছৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই আহিছে ।

লগতে পঢ়ক: Book released at Jonai : জোনাইত উন্মোচন ৰয়েল পেগুৰ দুখন গ্ৰন্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.