ধুবুৰী,3 ফেব্ৰুৱাৰী: এখন বিপদসংকুল বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে ধুবুৰীৰ ফকিৰগঞ্জৰ ৰাইজে ৷ এই জৰাজীৰ্ণ দলঙখনেই অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ ভৰষা ৷ কিন্তু দলং মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ নাই কোনো গুৰুত্ব ৷ স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে সাংসদ বদৰুদ্দিন আজমলকো ৰাইজে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল যদিও আজিকোপতি লাভ নকৰিলে কোনো সুফল ৷
উল্লেখ্য যে, দুবছৰ পূৰ্বে বানপানীয়ে উটুৱাই নিছিল কঠৰ দলঙখন ৷ তাৰ পিছৰ পৰাই ৰাইজে যাতায়তৰ ক্ষেত্ৰত এনেদৰে যমৰ যাতনা ভুগিবলগীয়া হৈ আছিছে ৷ বুধবাৰে এই অঞ্চলত উপস্থিত হয় দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী ৷ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য কৰিয়েই অতিশীঘ্ৰে এখন পকী দলং নিৰ্মানৰ বাবে দাবী উত্থাপন কৰে শৰিফুল ইছলাম প্ৰধানীয়ে ৷
লগতে পঢ়ক-ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা