ধুবুৰী,14 অক্টোবৰ: বুধবাৰৰ দিনটোত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৪২ সংখ্যক আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৪০ সংখ্যক জন্ম বাৰ্ষিকী । এই বিশেষ দিন সংগতি ৰাখি ধুবুৰীৰ গৌৰীপুৰস্থিত প্ৰতিমা বৰুৱা পাণ্ডে সাংস্কৃতিক মঞ্চত জিলা যুৱ মৰ্চাৰ এক কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাৰ পূৰ্বে গৌৰীপুৰ নগৰত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ৷ তাৰ পিছতে অনুষ্ঠিত কৰা কাৰ্য নিৰ্বাহক সভাত প্ৰতিটো মণ্ডলৰ যুৱ মৰ্চাৰ প্ৰতিনিধিৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি ডাঃ দেৱময় সান্যাল আৰু জিলা যুৱ মৰ্চাৰ সভাপতি নির্মল্য পালকে ধৰি যুৱ মৰ্চাৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে । এই সভাতে দলৰ সাংগঠনিক দিশৰ লগতে সমাগত ২০২১ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।
![executive meeting of janta yuva marcha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12:09:33:1602657573_as-dhb-02-14oct-bjp-meeting-visbyte-7203850_14102020114847_1410f_01079_280.jpg)