ধুবুৰী, 17 জুলাই: ধুবুৰী তথা ৰাজ্যবাসীৰ বাবে এক দুখবৰ ৷ ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ধুবুৰীৰ জ্যেষ্ঠ অধিবক্তা আব্দুল কৰিমৰ দেহাৱসান ৷ শুকুৰবাৰে পুৱা বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷ বিশিষ্ট সমাজসেৱী তথা অধিবক্তা গৰাকীৰ মৃত্যুত সমগ্ৰ ধুবুৰী জিলাতে এতিয়া শোকৰ ছাঁ পৰিছে ৷
উল্লেখ্য যে, পেচাত এগৰাকী অধিবক্তা আছিল যদিও সাহিত্য চৰ্চাৰ লগতে বিভিন্ন সমাজহিতৈষী কামৰ সৈতে ওতঃপ্ৰতো ভাৱে জড়িত আছিল প্ৰয়াত আব্দুল কৰিম ৷
লগতে পঢ়কঃ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু চূড়ান্ত ব্যৰ্থ নেতা : আছু