ETV Bharat / state

ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম - চিতাভস্ম বিসৰ্জন দিয়ে সাংসদ গৌৰৱ গগৈয়ে

গদাধৰ, টিপকাই আৰু ব্ৰহ্মপুত্ৰৰ সংলগ্নস্থান ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন দিয়া হ’ল প্ৰয়াত তৰুণ গগৈৰ চিতাভস্ম। ধৰ্মীয় পৰম্পৰা অনুসৰি পিতৃ তথা জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়ে সাংসদ গৌৰৱ গগৈয়ে ।

ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন প্রাক্তন মুখ্যমন্ত্রীৰ চিতাভস্ম

author img

By

Published : Jan 10, 2021, 8:09 PM IST

ধুবুৰী , ১০ জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ উদ্য়োগত প্ৰয়াত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম ৰাজ্য়ৰ ভিন্ন প্ৰান্তত থকা তেওঁ অনুগামীসকলৰ ওচৰলৈ লৈ যোৱা হয় । ইতিমধ্য়ে বিভিন্ন স্থানত প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ চিতাভস্ম বিসৰ্জন দিয়া হৈছে । দেওবাৰে ধুবুৰীটো বিসর্জন দিয়া হয় তেওঁৰ চিতাভস্ম । চিতাভস্ম বিসৰ্জন দিয়াৰ পূৰ্বে প্ৰথমে ধুবুৰীৰ শংকৰদেৱ শিশু উদ্যানত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ৷ প্রার্থনা সভাত বিভিন্ন ধর্মৰ ধৰ্মীয় গুৰু সকলে নিজ নিজ ধর্মীয় প্রার্থনা কৰাৰ লগতে কংগ্ৰেছ নেতা কৰ্মীকে ধৰি ধুবুৰী জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে উপস্থিত হৈ জননেতা গৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আবেগ ভৰা এক কবিতা পাঠ কৰাৰ পিছত সাংসদ গৌৰৱ গগৈয়ে নিজৰ ভাষণত অসমত পুনৰ ভাল দিন আহিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা

ইপিনে প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে পিতৃৰ চিতাভস্ম লৈ উপস্থিত হয় গদাধৰ, টিপকাই আৰু ব্ৰহ্মপুত্ৰৰ সংলগ্নস্থান ঐতিহাসিক নেতাই ধুবুনী ঘাটত । উক্ত ঘাটত ধৰ্মীয় পৰম্পৰা অনুসৰি পিতৃ তথা জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়ে সাংসদ গৌৰৱ গগৈয়ে । চিতাভস্ম বিসৰ্জন দি সংবাদমাধ্যমৰ আগত পিতৃৰ সপোন আৰু আদৰ্শ লৈ নিজে আগবাঢ়ি যোৱাৰ লগতে কংগ্ৰেছ দলেও তেখেতৰ আদৰ্শ অনুকৰণ কৰি আগুৱাই যাব বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।
ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন প্রাক্তন মুখ্যমন্ত্রীৰ চিতাভস্ম
ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন প্রাক্তন মুখ্যমন্ত্রীৰ চিতাভস্ম
উল্লেখ যে, এই কার্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰ, প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী সহ বহু কংগ্ৰেছ নেতা ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.