ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ - ধুবুৰী জিলা প্ৰশাসন

ধুবুৰী জিলাৰ ভাসানীচৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আয়ৰণ জংলা প্ৰথম খণ্ডৰ জামাত আলী নামৰ লোকজনে তিনিটাকৈ সন্তান আৰু পত্নীক লৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত বসবাস কৰি আছিল। যাৰ বাবে বানৰ কবলত পৰে ব্যক্তিগৰাকীৰ পৰিয়ালটো ৷ তেনে পৰিস্থিতিৰ মাজতো উপায়ান্তৰ হৈ ঘৰৰ ভিতৰ বাহিৰে পানীৰ মাজতে এসাঁজ খাই এসাঁজ নাখাই দিন-ৰাতি পাৰ কৰি আহিছিল।মাত্ৰ তিনি কিলোগ্ৰাম চাউল আৰু ছয় শ গ্ৰাম ডালি চৰকাৰী সাহাৰ্য হিচাপে লাভ কৰিছিল পৰিয়ালটোৱে।

ETV NEWS IMPACT
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
author img

By

Published : Jul 28, 2020, 11:01 PM IST

ধুবুৰী,28 জুলাইঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰিল ধুবুৰী জিলা প্ৰশাসন। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বানপানীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে । ইয়াৰ উপৰি ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে। যাৰ পৰিপ্ৰেক্ষিতত বহু পৰিয়াল গৃহহীন হৈছে জিলা খনৰ। এনে ভয়াৱহতাৰ সাক্ষী বহন কৰা এটা পৰিয়ালৰ বাতৰি সম্প্ৰচাৰ হৈছিল ই টিভি ভাৰতত। সোমাবাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই আজি উদ্ধাৰ কৰা হয় পৰিয়ালটো।

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

উল্লেখ্য যে,ধুবুৰী জিলাৰ ভাসানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আয়ৰণ জংলা প্ৰথম খণ্ডৰ জামাত আলী নামৰ লোকজনে তিনিটাকৈ সন্তান আৰু পত্নীক লৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত বসবাস কৰি আছিল। যাৰ বাবে বানৰ কবলত পৰে ব্যক্তিগৰাকীৰ পৰিয়ালটো ৷ তেনে পৰিস্থিতিৰ মাজতো উপায়ান্তৰ হৈ ঘৰৰ ভিতৰ বাহিৰে পানীৰ মাজতে এসাঁজ খাই এসাঁজ নাখাই দিন -ৰাতি পাৰ কৰি আহিছিল । মাত্ৰ তিনি কিলোগ্ৰাম চাউল আৰু ছয় শ গ্ৰাম ডালি চৰকাৰী সাহাৰ্য হিচাপে লাভ কৰিছিল পৰিয়ালটোৱে।

ETV NEWS IMPACT
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

তিনি সন্তানক বুকুত সাৱটি লৈ তিনিটাকৈ ভয়াৱহ বানৰ সাক্ষী হৈ থকা জামাত আলীৰ পৰিয়ালৰ বাসগৃহৰ ভয়াৱহ দৃশ্য আৰু কৰুণ গাঁথা একমাত্ৰ ই টিভি ভাৰতত সম্প্ৰচাৰ হৈছিল। তাৰ পিছতেই আজি ধুবুৰী জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ নেতৃত্বত এন ডি আৰ এফৰ বৃহৎ দল এটাই উপস্থিত হয় জামাত আলীৰ ঘৰত। জামাত আলিৰ পৰিয়ালটোক উদ্ধাৰ কৰি বৰ্তমানে ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় বান শিবিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়কঃবিজেপিৰ নেতৃত্বত সংঘাত: অপসাৰিত স্বাস্থ্যমন্ত্ৰীৰ ঘনিষ্ঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.