ETV Bharat / state

ধুবুৰীত এটিএম লুটিলে দুৰ্বৃত্তই - আব্দুল কাদেৰ

এটিএমৰ ভিতৰৰ পৰাই কৌশলেৰে এটিএম চুৰি কৰি নি একাউন্টৰ পৰা চোৰে লুটিলে প্ৰায় ডেৰ লাখ টকা । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ

ধুবুৰীত এটিএম লুটিলে দুৰ্বৃত্তই
author img

By

Published : Jun 13, 2019, 7:23 PM IST

ধুবুৰী, 13 জুনঃ ধুবুৰীত এটিএমৰ পৰাই কৌশলৰে এটিএম লুটিলে দুৰ্বৃত্তই ৷ আব্দুল কাদেৰ নামৰ লোকজনে দহ জুনৰ দিনা ধুবুৰীৰ এটা এটিএমত প্ৰৱেশ কৰি নিজৰ একাউন্টৰ পৰা উলিয়াইছিল প্ৰায় ডেৰ লাখ টকা৷ পিছে কোনো অচিনাক্ত লোকে কাদেৰৰ বেগৰ পৰা কৌশলেৰে চুৰি কৰি নিয়ে এছ বি আই এটিএম কাৰ্ড খন । আনহাতে তেওঁৰ বেগত আন এখন এটিএম কাৰ্ড সুমুৱাই দিয়ে দুৰ্বৃত্তই । ইফালে উক্ত এটিএমৰ পৰা প্ৰথমতে ৮৯,৭৩৩ আৰু দ্বিতীয় বাৰ ৫৩,৫০০ টকা ধুবুৰীৰ গোলকগঞ্জৰ সিজু ৰাণী ৰায় নামৰ এগৰাকী মহিলাৰ একাউন্টত ট্ৰেন্সফাৰ কৰা হয় ।

ধুবুৰীত এটিএম লুটিলে দুৰ্বৃত্তই

আনহাতে পশ্চিম বংগৰ বিভিন্ন শ্বপিং মলত বজাৰ কৰি কাদেৰৰ একাউন্টৰ পৰা মুঠ ১ লাখ ৪৩ হাজাৰ ২৩৩ টকা আদায় কৰে দুৰ্বৃত্তই । ভুক্তভোগী কাদেৰে বেংকৰ পৰা সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত ধুবুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।উল্লেখযোগ্য যে, এগৰাকী মহিলাৰ একাউন্টত টকা খিনি ট্ৰেন্সফাৰ কৰা হৈছে বুলি বেংকৰ তথ্যত প্ৰকাশ হৈছে যদিও আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

Intro: ধুবুৰীত পুনৰ এটিএম লুটি নিলে দুৰ্বৃত্তই। এখন এটিএমৰ ভিতৰৰ পৰা কৌশলেৰে এটিএম চুৰি কৰি নি একাউন্টৰ পৰা উঠাই নিলে প্ৰায় ডেৰ লাখ টকা। ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰিলে এজাহাৰ।

Body: হয়, এই গৰাকী ব্যক্তি লৈ মন কৰক। হাতত এখন বেগ লৈ প্ৰৱেশ কৰিছে ধুবুৰী আৰক্ষী থানাত। হাতত আছে এখন এটিএম। দৰাচলতে, ধুবুৰীৰ ফকিৰগঞ্জৰ এইগৰাকী আব্দুল কাদেৰ নামৰ লোকজনে যোৱা দহ জুনৰ দিনা ধুবুৰীৰ এখন এটিএমৰ ভিতৰত প্ৰৱেশ কৰি নিজৰ একাউন্টৰ পৰা টকা উঠাই লোৱাৰ পিছত পিছফালে থকা অচিনাক্ত লোকে কাদেৰৰ বেগৰ পৰা কৌশলেৰে চুৰি কৰি নিয়ে এছ বি আই এটিএম কাৰ্ড খন। আনহাতে তেওঁৰ বেগত আন এখন এটিএম কাৰ্ড সোমাই দিয়ে অচিনাক্ত দুৰ্বৃত্তই। ইফালে উক্ত এটিএমৰ পৰা প্ৰথমতে ৮৯,৭৩৩ আৰু দ্বিতীয় বাৰ ৫৩,৫০০ টকা ধুবুৰীৰ গোলকগঞ্জৰ সিজু ৰাণী ৰায় নামৰ এগৰাকী মহিলাৰ একাউন্টত ট্ৰেন্সফাৰ কৰা হয়। আনহাতে পশ্চিম বংগৰ বিভিন্ন শ্বপিং মলত বজাৰ কৰি কাদেৰৰ একাউন্টৰ পৰা মুঠ ১ লাখ ৪৩ হাজাৰ ২৩৩ টকা উঠাই লোৱা হয়। এই ঘটনাৰ পিছতেই ভুক্তভোগী কাদেৰে বেংকৰ পৰা সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত আজি ধুবুৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
Byte:- ভুক্তভোগী

Conclusion: উল্লেখযোগ্য যে, এগৰাকী মহিলাৰ একাউন্টত টকা খিনি ট্ৰেন্সফাৰ কৰা হৈছে বুলি বেংকৰ তথ্যত প্ৰকাশ কৰা হৈছে যদিওঁ আৰক্ষীৰ তদন্তৰ পিছত কি তথ্য উদ্ঘাটন হয় সেয়া হব লক্ষণীয় বিষয়। যদিওঁ ধুবুৰীত এয়া কোনো নতুন ঘটনা নহয়। পূৰ্বেই এনে অপৰাধ জনীত ঘটনা সংঘটিত হৈছে। এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কিদৰে চলায় সেয়াই গুৰুত্বপূৰ্ণ বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.