ETV Bharat / state

ভূত বাংলাত পৰিণত এসময়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ জুইশলাৰ কাৰখানা

author img

By

Published : May 31, 2020, 8:49 PM IST

Updated : Jun 1, 2020, 10:05 AM IST

১৯২৫ চনত ধুবুৰী চহৰৰ এ.এম কোঃ ৰোডত স্থাপন কৰা হৈছিল ব্ৰিটিছৰ দিনৰে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ জুইশলাৰ কাৰখানাটো ৷ কিন্তু ১৯৯৩ চনত গছ কটাৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায়ৰ পিচতেই বন্ধ হৈ পৰে এই কাৰখানা ৷

established by the british in 1925 the wimco company is inclining towards spoilt

ধুবুৰী, 31 মে': ব্ৰিটিছৰ দিনতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ জুইশলাৰ কাৰখানা আছিল উইমকো নামেৰে পৰিচিত এই উদ্যোগ ৷ ১৯২৫ চনত ধুবুৰী চহৰৰ এ.এম কোঃ ৰোডত স্থাপন কৰা হৈছিল এই বৃহৎ উদ্যোগটো ৷

মৃত্যুৰ ক্ষণ গনিছে ব্ৰিটিছৰ দিনতে স্থাপন হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ এটা বৃহৎ উদ্যোগে

Assam Match Company চমুকৈ এএমচি নামৰ চুইডিছ কোম্পানী এটাই ধুবুৰীত ১৩২ বিঘা মাটিত আৰম্ভ কৰিছিল এই কাৰখানাটো ৷ যাৰ নামেৰেই পৰিচিত এ.এম কোম্পানী ৰোড ৷ ধুবুৰীৰ ওপৰিও মুম্বাই, চেন্নাই, বৰেলি আৰু কলকাতাতো আছে আন চাৰিটাকৈ কাৰখানা ৷ কিন্তু তেতিয়াৰ দিনতে বাণিজ্যৰ ক্ষেত্ৰত লাভজনক হৈ উঠিছিল ধুবুৰীৰ জুইশলা কাৰখানা ৷ ১৯৭৯ চনত জাথানী গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীছ নামৰ আন এটা কোম্পানীয়ে ধুবুৰীসহ আন বাকী চাৰিটা জুইশলা কাৰখানা চুইডিছ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল ৷ তাৰ পাচতেই এই কোম্পানীটোৰ নাম সলনি কৰি উইমকো নাম ৰাখিছিল ৷ আৰম্ভণিৰে পৰাই সহস্ৰাধিক কৰ্মচাৰী নিয়োজিত হৈ থকা এই কাৰখানাটো চলিছিল সুচলভাৱেই ৷

এসময়ৰ ব্যস্ততাপূৰ্ণ কাৰখানা আজি পৰিণত ভূত বাংলাত

কিন্তু ১৯৮৮ চনৰ পৰাই ক্ৰমান্বয়ে নিম্নগামী হ'বলৈ ধৰে কাৰখানাটো ৷ পৰৱৰ্তী সময়ত উদ্যোগ কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই এজন দুজনকৈ নিলম্বিত কৰিব ধৰিলে কৰ্মচাৰীসকলক ৷ অতি কম সংখ্যক কৰ্মচাৰীৰে কোম্পানীটোৱে কাৰখানা চলাই নিয়াৰ প্ৰচেষ্টা কৰিছিল যদিও, ১৯৯৩ চনত গছ কটাৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায়ৰ পিচতেই বন্ধ হৈ পৰে গছ কটা কাৰ্য ৷ তাৰেই প্ৰভাৱ পৰিছিল দেশৰ আন জুইশলা কাৰখানাৰ লগতে ধুবুৰী জুইশলা কাৰখানাতো ৷ তেতিয়াৰ পৰাই ক্ৰমাৎ বন্ধ হৈ পৰে এই বৃহৎ উদ্যোগ ৷

উল্লেখ্য যে, অসমত বন্ধ হৈ থকা কাৰখানাসমূহ পুনৰ নতুনকৈ আৰম্ভ কৰাৰ হ'ব বুলি ৰাজ্য চৰকাৰে কেইবাবাৰো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল । ৰাজ্য চৰকাৰৰ কাৰখানাৰ তালিকাত ধুবুৰী জুইশলা কাৰখানাও আছিল যদিও, এই জুইশলা কাৰখানালৈ আজিও নাহিল কোনো ভাল খবৰ ৷

ভূত বাংলাত পৰিণত এসময়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ জুইশলাৰ কাৰখানা

একমাত্ৰ জুইশলা কাৰখানা বন্ধ হৈ যোৱাৰ ফলত ধুবুৰী জিলা সদৰত হঠাৎ কৰ্মহীন হৈ পৰিছিল সহস্ৰাধিক কৰ্মচাৰী ৷ হাহাকাৰ সৃষ্টি হৈছিল সহস্ৰাধিক পৰিয়ালৰ মাজত ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুইশলা কাৰখানা পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷ কিয়নো নিবনুৱা সমস্যাই জুৰুলা কৰা ৰাজ্যৰ একাংশ লোকৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাত যথেষ্ট অৰিহণা যোগোৱাৰ থল আছে আছে এই কাৰখানাটোৱে ৷

লগতে পঢ়কঃ Covid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

Last Updated : Jun 1, 2020, 10:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.