ETV Bharat / state

ভাৰত-বাংলা সীমান্তত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Sep 18, 2020, 1:14 PM IST

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিন্নাচৰা অঞ্চলত অব্যাহত গংগাধৰ নৈৰ ভয়ংকৰ খহনীয়া । তাচপাতৰ দৰে খহিছে সীমান্তৱৰ্তী অঞ্চলটোৰ ভূমি অংশ ৷ গৃহহীন বহু পৰিয়াল । নৈৰ বুকুত জাহ গৈছে চৰকাৰী বিদ্যালয় ৷

Erosion at dhubri indo bangla border assam etv bharat news
অব্যাহত খহনীয়া

ধুবুৰী,18 ছেপ্তেম্বৰ: ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিন্নাচৰা গাঁৱত অব্যাহত গংগাধৰ নৈৰ খহনীয়াৰ তাণ্ডৱ । ফলত নৈৰ পাৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ নিশ্চিহ্ন হোৱাৰ দিশে অঞ্চলটোৰ ইখনৰ পিছত সিখন গাঁও ৷ শেহতীয়াকৈ গাঁওখনত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনো জাহ যায় গংগাধৰ নৈৰ বুকুত । জিলাখনৰ সাংসদ, বিধায়ক তথা জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই । ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

অব্যাহত খহনীয়া

বিন্নাচৰাৰ দ্বিতীয় খণ্ড গাঁৱত থকা একমাত্ৰ বিদ্যালয়খন স্থাপিত হৈছিল 1985 চনত ৷ এই বিদ্যালয়খন 2013 চনত প্ৰাদেশীকৰণ কৰিছিল অসম চৰকাৰে । সম্প্ৰতি গংগাধৰ নৈয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিলে এই বিদ্যালয়খন । বিদ্যালয়খনত বৰ্তমান 120 গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে আছে তিনিগৰাকী শিক্ষক ৷ বৰ্তমান বিদ্যালয়খন স্থাপনৰ বাবে ভূমি বিচাৰি হাহাকাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিল মানচিত্ৰৰ বুকুৰ পৰা হেৰাই যাব এই বৃহত্তৰ অঞ্চলটো ৷

লগতে চাওকঃ কৰিমগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.