ETV Bharat / state

Dhubri Murder: ধুবুৰীত পৰিবহন নিগমৰ কৰ্মচাৰীক হত্যাৰ অভিযোগত প্ৰতিবাদ

author img

By

Published : Apr 30, 2023, 7:25 AM IST

ধুবুৰীত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত এগৰাকী কৰ্মচাৰীক মাৰপিট কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ ৷ মৃত ব্যক্তিজন ৰাছিদুল ইছলাম ৷ আমিৰজান নামৰ বাছখনৰ চালক আৰু কৰ্মচাৰীয়ে হত্যা কৰাৰ অভিযোগ (Brutal murder on ASTC campus in Dhubri) ৷

Brutal murder on ASTC campus in Dhubri
ধুবুৰী ASTCত উত্তপ্ত পৰিস্থিতি
পৰিবহন নিগমৰ কৰ্মচাৰীক হত্যাৰ অভিযোগ

ধুবুৰী, 30 এপ্ৰিল: ধুবুৰীত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত এগৰাকী কৰ্মচাৰীক মাৰপিট কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত ৷ মৃত ব্যক্তিজন ধুবুৰীৰ অসম ৰাজ্যিক পৰিবহন নিগম অস্থায়ী কৰ্মচাৰী ৰাছিদুল ইছলাম বুলি জানিব পৰা গৈছে (Brutal murder on ASTC campus in Dhubri) ৷

অভিযোগ অনুসৰি ধুবুৰী চহৰৰ আই জি ৰোড অঞ্চলৰ বাসিন্দা তথা অসম ৰাজ্যিক পৰিবহন নিগমৰ অস্থায়ী কৰ্মচাৰী ৰাছিদুল ইছলাম নামৰ লোকজনে প্ৰতি দিনৰ দৰে শনিবাৰে পুৱাৰ ভাগত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ যাত্ৰীবাহী বাছসমূহ পৰিষ্কাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই যায় ৷ চৰকাৰী বাছ আস্থানত উপস্থিত হৈ এ এছ ০১পিচি- ৭১৯৭ নম্বৰৰ আমিৰজান নামৰ বাছখন চাফা কৰিবলৈ আৰম্ভ কৰাৰ সময়তে বাছখনত থকা মুন্না নামৰ চালকজনৰ সৈতে কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত হয় ৷ এনে সময়তে অভিযোগ অনুসৰি চাফাই কৰ্মচাৰী ৰাছিদুল ইছলামক আক্ৰমণ কৰা হয় আৰু গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয় ৷

পৰৱৰ্তী পৰ্যায়ত বাছ আস্থানৰ দায়িত্বত থকা আন এজন কৰ্মচাৰীয়ে গুৰুতৰভাৱে আহত চাফাই কৰ্মচাৰীজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আহত ৰাছিদুল ইছলামক ৷ কিন্তু বৰপেটালৈ নিয়াৰ প্ৰস্তুতি চলোৱাৰ সময়তেই গুৰুতৰভাৱে আহত চাফাই কৰ্মচাৰী ৰাছিদুল ইছলামে শেষ নিশ্বাস ত্যাগ কৰে (Allegation of Murder of ASTC Contractual Employee in Dhubri) ৷

ইয়াৰ পিচতেই ক্ষোভিত হৈ পৰে স্থানীয় গাঁৱবাসী ৷ ক্ষুব্ধ গাঁৱবাসীয়ে ৰাছিদুল ইছলামৰ মৃতদেহ লৈ ন্যায় বিছাৰি ধুবুৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি ধুবুৰী সদৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে (Allegation of Murder) ৷

মৃত ৰাছিদুল ইছলামৰ আত্মীয়-স্বজন আৰু ৰাইজে অভিযোগ কৰা মতে বাছখনৰ চালক আৰু একাংশ কৰ্মচাৰীয়ে মিলি চাফাই কৰ্মচাৰীজনক মাৰপিট কৰি হত্যা কৰিছে ৷ কিন্তু নিগমৰ একাংশ কৰ্মচাৰীয়ে এইয়া হত্যাকাণ্ড নহয় বুলি এই ঘটনাক অন্য ৰূপ দিয়াৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হয় বুলিও অভিযোগ কৰিছে স্থানীয় লোকসকলে (Allegation of Murder in Dhubri) ৷

মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিচতো বাছখনৰ চালকৰ বিৰুদ্ধে এতিয়ালৈকে নিগমৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে উত্তেজিত ৰাইজে ৷ এই ঘটনাৰ সৈতে জড়িত দোষীৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণৰ লগতে চাফাই কৰ্মচাৰী ৰাছিদুল ইছলামৰ পত্নীসহ তিনিটাকৈ কণ কণ শিশু সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে পৰিয়াল আৰু গাঁৱবাসীয়ে (ASTC Contractual Employee Killed by Bus Driver) ৷

লগতে পঢ়ক: Drugs seized in Kalgachia: কলগাছিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.