ETV Bharat / state

শক্তি বিভাগৰ মৰণ ফান্দ : ছিগা বিদ্যুৎ পৰিবাহী তাঁৰে প্ৰাণ ল'লে তিনিজনৰ - ইউছৱ আলী শেখ

ধুবুৰীৰ গোলকগঞ্জৰ ভয়ংকৰ অঘটন । ধান খেতিত ছিঙি পৰি থকা বিদ্যুৎপৰিবাহী তাৰে প্ৰাণ ল'লে পিতৃ কন্যা আৰু জোঁৱাই সহ তিনিজনৰ । ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি গোলকগঞ্জত ।

গোলকগঞ্জ শক্তি বিভাগৰ গাফলতি, প্ৰাণ গ'ল 3 জনৰ
author img

By

Published : Oct 3, 2019, 11:56 PM IST

Updated : Oct 4, 2019, 11:52 AM IST

ধুবুৰী, গোলকগঞ্জ, অক্টোবৰ 3 : মৰণ ফান্দৰূপী শক্তি বিভাগে প্ৰাণ ল'লে দুটা পৰিয়ালৰ তিনিজনকৈ লোকৰ । ধান খেতিত পৰি থকা বিদ্যুৎপৰিবাহী তাঁৰে প্ৰথমে প্ৰাণ ল'লে জোঁৱাইৰ । তাৰ পিছতেই জোঁৱাইক বিচাৰি যোৱা শহুৰৰ লগতে পত্নীয়েও প্ৰাণ হেৰুৱালে ধাননি পথাৰত ।

গোলকগঞ্জ শক্তি বিভাগৰ গাফলতি, প্ৰাণ গ'ল 3 জনৰ

তথ্য অনুসৰি, গোলকগঞ্জৰ ৰতিয়াহদহ অঞ্চলৰ ইউছৱ আলী শেখ নামৰ লোকজনে নিজৰ ধান খেতিত এন্দুৰ মৰা ঔষধ দিবলৈ গৈছিল বিয়লি প্ৰায় তিনি বজাত । কিন্তু নিশা সাত বজালৈ ঘৰলৈ উভতি নহাত পত্নী বাছাতন বিবিয়ে আন্ধাৰৰ মাজতেই পিতৃ বাদশা আলী মণ্ডলক লগত লৈ ধাননি খেতিত বিচাৰি যায় স্বামী ইউছৱ আলীক । এনেতে পানীৰে উপচি থকা ধান খেতিত ইউছৱ আলী পৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে পিতৃ কন্যাই মিলি ইউছৱ আলীক উদ্ধাৰ কৰিবলৈ যায় যদিও লগে লগে দুয়ো পিতৃ কন্যাই বিদ্যুৎস্পৃষ্ট হৈ অচেতন হৈ পৰে । পাছত বিদ্যুৎ সংযোগ কৰ্তন কৰি স্থানীয় ৰাইজে তিনিওকে উদ্ধাৰ কৰি জোঁৱাই ইউসৱ আলী মৃত্যু হোৱা বুলি নিশ্চিত হয় । আনহাতে আহত দুই পিতৃ কন্যাক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত্যু হোৱা বুলি ঘোষণা কৰে ।

আনহাতে, ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে । উত্তেজিত ৰাইজে টাইবান্ধত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত
কৰি তোলে ৷ প্ৰায় দুঘন্টা ধৰি পথৰোধ কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে |

Intro:#( গোলকগঞ্জৰ পৰা আমাৰ কন্ত্ৰীবুটৰে বাকীখিনি দিছে। গোটেই খিনি মিলাই লব )#

ধুবুৰীৰ গোলকগঞ্জৰ ভয়ংকৰ অঘটন। ধান খেতিত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাৰে প্ৰাণ ললে পিতৃ কন্যা আৰু জোঁৱাই সহ তিনিজনৰ। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি গোলকগঞ্জত।

Body:

এইবাৰ মৰণফান্দৰূপী বিদ্যুৎ বিভাগে প্ৰাণ ললে দুটা পৰিয়ালৰ তিনিজনকৈ লোকৰ। ধান খেতিত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰে প্ৰথমে প্ৰাণ ললে জোঁৱাইৰ। তাৰ পিছতেই জোঁৱাইক বিচাৰি যোৱা শহুৰৰ লগতে পত্নীয়েও প্ৰাণ হেৰুৱালে ধাননি পথাৰত। জানিব পৰা মতে, গোলকগঞ্জৰ ৰতিয়াহদহ অঞ্চলৰ ইউছৱ আলী শেখ নামৰ লোকজনে নিজৰ ধান খেতিত এন্দুৰ মৰা ঔষধ দিবলৈ গৈছিল বিয়লি তিনি বজাত। কিন্তু নিশা সাত বজালৈ ঘৰলৈ উভতি নহাত পত্নী বাছাতন বিবিয়ে আন্ধাৰৰ মাজতেই নিজ পিতৃ বাদশা আলী মণ্ডলক লগত লৈ ধাননি খেতিত বিচাৰি যায় স্বামী ইউছৱ আলীক। এনেতে পানীৰে উপচি থকা ধান খেতিত ইউছৱ আলী পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে পিতৃ কন্যাই মিলি ইউছৱ আলীক উদ্ধাৰ কৰিবলৈ যায় যদিওঁ লগে লগে দুয়ো পিতৃ কন্যাই বিদ্যুৎস্পৃষ্ট হৈ অচেতন হৈ পৰে। পিছত বিদ্যুৎ সংযোগ কৰ্তন হোৱাৰ পিছত ৰাইজে তিনিওকে উদ্ধাৰ কৰি জোঁৱাই ইউসৱ আলী মৃত্যু হোৱা বুলি নিশ্চিত হয়। আনহাতে আহত দুই পিতৃ কন্যাক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিওঁ চিকিৎসকে দুয়োকে মৃত্যু ঘোষণা কৰে।

Byte:- আত্মীয়

Conclusion:উল্লেখযোগ্য যে, এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। ৰাজপথ অৱৰোধ কৰি অকৰ্মণ্য বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। কাৰণ বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ বাবেই একেলগে পিতৃ কন্যা আৰু জোঁৱাই সহ তিনিজনৰ প্ৰাণ গল। এই ঘটনাক সহজে মানি লব বিচৰা নাই আত্মীয়ৰ লগতে স্থানীয় ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

#( গোলকগঞ্জৰ পৰা আমাৰ কন্ত্ৰীবুটৰে বাকীখিনি দিছে। গোটেই খিনি মিলাই লব )#
Last Updated : Oct 4, 2019, 11:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.