ধুবুৰী, 24 মাৰ্চ : হেলিকপ্টাৰযোগে ধুবুৰীৰ ফলিমাৰীত উপস্থিত হৈ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী নজৰুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলৰ লগতে কংগ্ৰেছৰ কেইবাজনো নেতাই ৷ মঙলবাৰে দুপৰীয়া ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ফলিমাৰীত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত প্ৰায় পাঁচ হেজাৰ দলীয় সমৰ্থক, মিত্ৰ দলৰ নেতা আৰু কৰ্মী উপস্থিত থাকে ৷
ধুবুৰী আৰু দক্ষিণ শালমাৰা বিধান সভা সমষ্টিৰ দলীয় মনোনীত প্ৰাৰ্থী ক্ৰমে নজৰুল হক আৰু ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ দলৰ সুপ্রিমো মৌলানা বদৰুদ্দিন আজমলে কয়, অসমত বিজেপি দলৰ চৰকাৰক উফৰাই মহাজোঁটৰ চৰকাৰ হোৱাটো এশ শতাংশ নিশ্চিত। মহাজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছত চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱা ইছলামীয়া মাদ্ৰাছা সমূহ পুনৰ খোলা হ'ব বুলি দাবী কৰে আজমলে ৷
লগতে 'কা' আইন বাতিল কৰা এনআৰচিৰ সমস্যা সমাধান কৰা সন্দেহযুক্ত ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ লগতে পাঁচ লাখ চৰকাৰী আৰু 25 লাখ বেচৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদ গৰাকীয়ে ৷ এই নিৰ্বাচনী সভাত আজমলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ সাহস থাকিলে 1971 চনক ভিত্তি বৰ্ষ হিচাপে লৈ অসম চুক্তি গৃহীত কৰাৰ বাবে আহ্বান জনায় ৷
সভাত ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, এ আই ইউ ডি এফৰ জিলা সভাপতি মৌলানা আব্দুল মজিদ, কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰী সহ মহাজোঁটৰ বিভিন্ন ৰাজনৈতিক দলৰ বহু নেতা কৰ্মীয়ে অংশ কৰি ভাষণ প্ৰদান কৰে ৷
লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিশদ বিৱৰণ