ETV Bharat / state

অসমত আশ্ৰয় লোৱা বংগবাসীক সাহায্য প্ৰদান ৰণজিৎ দাসৰ

author img

By

Published : May 5, 2021, 10:55 PM IST

পশ্চিমবংগত নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই বৃদ্ধি হৈছে নিৰ্বাচনী হিংসা ৷ তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে দিন-দুপৰতে বিজেপি সমৰ্থকসকলক আক্ৰমণ কৰে ৷ কোচবিহাৰ জিলাৰ নটা বিধানসভা সমষ্টিৰ সাতটাতে বিজেপি জয়ী হয় ৷ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰত ভাগ লোৱাৰ বাবে এই আক্ৰমণ সংঘটিত কৰে টিএমচিৰ সমৰ্থকসকলে ৷

elction-violence-in-west-bengal
অসমত আশ্ৰয় লোৱা বংগবাসীক সাহাৰ্য প্ৰদান ৰঞ্জিত দাসৰ

গোলকগঞ্জ,5 মে': কাষৰীয়া ৰাজ্য পশ্চিমবংগত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বৃদ্ধি হৈছে নিৰ্বাচনী হিংসা ৷ তৃণমূল কংগ্ৰেছ অসম-পশ্চিমবংগ সীমান্ত এলেকাৰ সৰহভাগ সমষ্টিতে পৰাজিত হয় ৷ কোচবিহাৰ জিলাৰ নটা বিধানসভা সমষ্টিৰ সাতটাতে বিজেপি জয়ী হয় ৷ মূলতঃ দোষ এইখিনিয়ে । বিজেপি জয়ী হোৱা বাবে তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে দিন-দুপৰতে বিজেপি সমৰ্থকসকলক আক্ৰমণ কৰে ৷ উপায়ন্তৰ হৈ ভূক্তভোগীসকলে আশ্ৰয় লয় ৰণপাগলী, পোকালাগী আদি স্থানত ।

অসমত আশ্ৰয় লোৱা বংগবাসীক সাহায্য প্ৰদান ৰণজিৎ দাসৰ

এই খবৰ লাভৰ পিছতে বুধবাৰে আশ্ৰয়স্থলী পৰিদৰ্শন কৰে প্ৰদেশ বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ দাসে শৰণাৰ্থীসকলক নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে ৷ তেওঁক সংগ দিয়ে প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে ৷ সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : হোজাইত ব্যৱসায়ীসকলৰ প্ৰশাসনৰ নিৰ্দেশনা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.