ETV Bharat / state

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ প্ৰশংসাত পঞ্চমুখ শিক্ষামন্ত্ৰীগৰাকী। শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা উল্লেখ কৰাৰ লগতে কৰ্মচ্যুত কৰা নহয় ৰন্ধনকৰ্মীক বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ ৷

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ
author img

By

Published : Nov 25, 2019, 7:33 PM IST

ধুবুৰী, 25 নৱেম্বৰ: পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সোমবাৰে উপস্থিত হৈ মহাবিদ্যালয়খনৰ চৌহদত এখন দুই মহলীয়া বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি নৱ-নিৰ্মিত এটা ভিডিঅ’ কনফাৰেন্স হ'ল আৰু এটা শৰীৰ চৰ্চা কক্ষৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ মহাবিদ্যালয়খনত উপস্থিত হৈয়ে প্ৰশংসাত পঞ্চমুখ হৈ পৰে শিক্ষামন্ত্ৰীগৰাকী ।

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

স্বাধীনতাৰ এবছৰ পূৰ্বে ১৯৪৬ চনত পশ্চিম অসমৰ ধুবুৰী জিলাত স্থাপন কৰা হৈছিল ধুবুৰী ভোলানাথ মহাবিদ্যালয়খন । ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে ভৰি দিয়ে ৰাজ্যৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত মহাবিদ্যালয়খনৰ লগতে অধ্যক্ষ আৰু প্ৰবক্তা সকলৰ শিক্ষকতা অৰ্হতাৰ প্ৰসংগ উপস্থাপন কৰি ভূয়সী প্ৰশংসা কৰে। ইপিনে স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা ভোলানাথ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ দাবী সংক্ৰান্তত চৰকাৰে সেইটো বিবেচনা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইপিনে সংবাদ মাধ্যমৰ আগত অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আহিছে বুলি কৈ ব্ৰিটিছ আৰু আমেৰিকাৰ দৰে শিক্ষা নহয় ইয়াত ভাৰতীয় শিক্ষা ব্যৱস্থা হ’ব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে ৰন্ধনকৰ্মী সকলৰ চাকৰি নাইকিয়া হ’ব অথবা ৰন্ধনকৰ্মী সকলক কৰ্মচ্যুত কৰা হ’ব বুলি যোৱা কিছুদিনৰ পৰা তীব্ৰ প্ৰতিবাদ হৈ অহাৰ সময়তে ৰন্ধনকৰ্মী সকলে যিদৰে আছে সেইদৰেই থাকিব বুলি কয় ৷ ৰন্ধনকৰ্মী সকলে কি কাৰণত আন্দোলন কৰিছে সেয়াই নাজানো বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। লগতে সংযোগী শিক্ষাকৰ্মী সকলে বিশেষ টেটৰ বাবে আন্দোলন কৰি অহা সংক্ৰান্তত মন্ত্ৰীগৰাকীয়ে কয়,সংযোগী শিক্ষাকৰ্মী সকল এটা আঁচনিৰ অধীনত আছিল। সাত বছৰ পিছত টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। কিন্তু তেওঁলোকৰ কাৰণে যদিও বিশেষ টেট পাতিব লাগে তেন্তে টেট পৰীক্ষা কেতিয়াও শেষ নহ’ব বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে,আজি শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক অশোক কুমাৰ সিংহী আৰু অশ্বিনী ৰায় সৰকাৰৰ লগতে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী উপস্থিত থাকে।

লগতে চাওক-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল লখিমপুৰৰ সন্তান

Intro:অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বিভিন্ন সময়ত অসমৰ ভিন্ন শিক্ষানুষ্ঠানত উপস্থিত হৈ অসন্তোষ্টি প্ৰকাশ কৰা দেখা যায়। যদিওঁ পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত ভৰি দি উৎফুল্লিত হৈ পৰিল। স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা মহাবিদ্যালয় খনৰ প্ৰশংসাত পঞ্চমুখ হল শিক্ষামন্ত্ৰী গৰাকী। কলে শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা। কৰ্মচ্যুত কৰা নহয় ৰন্ধনকৰ্মীক। ধুবুৰীত কলে শিক্ষামন্ত্ৰী ভট্টাচাৰ্য্যই।

Body:

স্বাধীনতাৰ এবছৰ পূৰ্বে ১৯৪৬ চনত পশ্চিম অসমৰ ধুবুৰী জিলাত স্থাপন কৰা হৈছিল ধুবুৰী ভোলানাথ মহাবিদ্যালয়। ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খনত আজি জীৱনৰ প্ৰথমবাৰ ভৰি দিলে ৰাজ্যৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। পশ্চিমীয়া কলা সংস্কৃতিৰে মন্ত্ৰী গৰাকীক মহাবিদ্যালয় লৈ আদৰণি জনোৱাৰ উপৰি ৭ বিএন এন চি চিৰ দ্বাৰা সামৰিক অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে। মহাবিদ্যালয় খনৰ এই পৰিৱেশে সন্তুষ্ট কৰি তুলিছে মন্ত্ৰী গৰাকীক।

উল্লেখযোগ্য যে, মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয় খনৰ চৌহদতে এখন দুই মহোলীয়া বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি নৱ নিৰ্মিত এখন ভিডিও কণফাৰেন্স হল আৰু এখন শৰীৰ চৰ্চা কক্ষৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ভট্টাচাৰ্য্যই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভা এখনত অংশগ্ৰহণ কৰা মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত মহাবিদ্যালয় খনৰ লগতে অধ্যক্ষ আৰু প্ৰবক্তা সকলৰ শিক্ষকতা অৰ্হতাৰ প্ৰসংগ উপস্থাপন কৰি ভূয়সী প্ৰশংসা কৰে। আনহাতে বিএন এন চি চিৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি এন চি চিৰ কমাণ্ডেণ্টক নিজ কাৰ্য্যালয় লৈ বিশেষ ভাবে আমন্ত্ৰণ কৰা দেখা যায় নিজৰ ভাষণত।

ইপিনে স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা ভোলানাথ মহাবিদ্যালয় খন বিশ্ব বিদ্যালয় লৈ উন্নীতকৰণ কৰাৰ দাবী সংক্ৰান্তত চৰকাৰে সেইটো বিবেচনা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। সংবাদ মাধ্যমৰ আগত অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আহিছে বুলি কৈ ব্ৰিটিছ আৰু আমেৰিকাৰ দৰে শিক্ষা নহয় ইয়াত ভাৰতীয় শিক্ষা ব্যৱস্থা হব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

আনহাতে ৰন্ধনকৰ্মী সকলৰ চাকৰি নাইকিয়া হব অথবা ৰন্ধনকৰ্মী সকলক কৰ্মচ্যুত কৰা হব বুলি যোৱা কিছুদিনৰ পৰা তীব্ৰ প্ৰতিবাদ হৈ অহাৰ সময়তে ৰন্ধনকৰ্মী সকলে যিদৰে আছে সেইদৰেই থাকিব বুলি কৈ ৰন্ধনকৰ্মী সকলে কি কাৰণত আন্দোলন কৰিছে সেয়াই নাজানো বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।

Byte:- (04) শিক্ষামন্ত্ৰী।

ইপিনে সংযোগী শিক্ষাকৰ্মী সকলে বিশেষ টেটৰ বাবে আন্দোলন কৰি অহা সংক্ৰান্তত মন্ত্ৰী গৰাকীয়ে কয়ঃ সংযোগী শিক্ষাকৰ্মী সকল এটা আঁচনিৰ অধীনত আছিল। সাত বছৰ পিছত টেট পৰীক্ষা অনুষ্ঠিত কৰিলোঁ। কিন্তু তেওঁলোকৰ কাৰণে যদিওঁ বিশেষ টেট পাতিব লাগে তেন্তে টেট পৰীক্ষা কেতিয়াওঁ শেষ নহব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

Byte:- (05) শিক্ষামন্ত্ৰী।

Conclusion:উল্লেখযোগ্য যে, আজি শিক্ষামন্ত্ৰী গৰাকীৰ হৈছে বিধায়ক অশোক কুমাৰ সিংহি আৰু অশ্বিনী ৰায় সৰকাৰৰ লগতে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী উপস্থিত থাকে।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.