পূৱ বিলাসীপাৰা, ১৫ জুন: বৰ্তমান কৰ'ণা(CORONA) আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে যদিও চৌদিশে মহামাৰীৰ ত্ৰাস অব্যাহত আছে । এনে সময়তে পূৱ বিলাসীপাৰাৰ চাপৰত "ECO SYSTEM PROTECTION TRUST" আৰু "IDeA", "the ant" ৰ উদ্যোগত কেতবোৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয় ।
চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ আশা কৰ্মী আৰু ১৫ খন গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ মাজত পালছ অক্সিমিটাৰ(Pulse Oximeter), ছেনিটাইজাৰ(Sanitizer), N95 মাস্ক(N95 Mask) আদি বিতৰণ কৰা হয় । চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ সভাকক্ষত এটি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই অনুষ্ঠানতে বিতৰণ কৰা হয় সামগ্ৰীসমূহ । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মহকুমা স্বাস্থ্য বিষয়া ডাঃ আব্দুল কালাম, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ বি পি এম (BPM) ইয়াছিন আলী ।
লগতে পঢ়ক: উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ড: দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ