ধুবুৰী,২৩ জুন: ৰাজ্য়জুৰি ড্ৰাগছৰ বেহা অব্যাহত । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে যদিও এই বেহা নিৰ্বিঘ্নে চলিয়েই আছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে পুনৰ ধুবুৰীৰ বি এন কলেজৰ ওচৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছ (Drugs recovered at Dhubri) ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন যুৱকক আটক কৰিছে (Detained drugs peddler)। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন ধুবুৰী চহৰৰ ৫ নং ৱাৰ্ডৰ নিউ মাৰ্কেট অঞ্চলৰ আব্দুল ৰছিদ শ্বেখ বুলি জানিব পৰা গৈছে । বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।
উল্লেখ্য যে, দুদিন পূৰ্বেও ধুবুৰী আৰক্ষীয়ে বি এন কলেজ ৰোড অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কৰিছিল সৰবৰাহকাৰী যুৱকজনক ।
লগতে পঢ়ক:মাছসহ ৩৬ খনকৈ জাল চুৰি আটক দুই চোৰ