ETV Bharat / state

ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ধুবুৰীৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁৱৰ সাহাদ আলী নামৰ এজন লোকে দীর্ঘ দিনৰে পৰা কৰি গৈছিল মাৰাত্মক ড্ৰাগছৰ বেহা । সহাদ আলীৰ ঘৰৰ পৰা ২০ টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে ।

ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
author img

By

Published : Jun 17, 2021, 10:58 PM IST

ধুবুৰী,17 জুন: ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

তাৰ সমান্তৰালভাৱে ধুবুৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিভিন্ন অঞ্চলত । উল্লেখযোগ্য যে, ধুবুৰীৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁওৰ সাহাদ আলী নামৰ এজন লোকে দীর্ঘ দিনৰে পৰা কৰি গৈছিল মাৰাত্মক ড্ৰাগছৰ বেহা । তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে সাহাদ আলী নামৰ লোক জনৰ ঘৰত বৃহস্পতিবাৰে অভিযান চলায় ।

অভিযান কালত সহাদ আলীৰ ঘৰৰ পৰা ২০ টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে । যদিও আৰক্ষীৰ উপস্থিতি উমান পাই ঘৰৰ পৰা পলাই পত্ৰং দিয়ে সাহাদ আলী ।

লগতে পঢ়কঃ বোকাজানত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.