ধুবুৰী,10মাৰ্চ:বুধবাৰে ধুবুৰীত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ । ধুবুৰী পাব্লিক বাছ আস্থানত উদ্ধাৰ হোৱা অবৈধ ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে,মঙলবাৰে আৰিফুল নামৰ গোৱালপাৰাৰ এখন বাছৰে 6টাকৈ নিষিদ্ধ ড্ৰাগছৰ কাৰ্টুন সমূহ বাছ ষ্টেছনৰ টিকট কাউণ্টাৰত থৈ গৈছিল। কিন্তু বুধবাৰে পুনৰ ড্ৰাগছ খিনি গোৱালপাৰালৈ নিয়াৰ কথা আছিল যদিও কোনো ব্যক্তি উপস্থিত নোহোৱাত সন্দেহ ওপজে পৰিবহন সন্থাৰ ৷
অৱশেষত উত্তৰ পূব বিশেষ পৰিবহণ সন্থাৰ সম্পাদক মিঠু আলীয়ে আৰক্ষীক খবৰ দিয়াত কাৰ্টুনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ধুবুৰী আৰক্ষীয়ে কাৰ্টুন সমূহ নিজৰ জিম্মাত নি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, দীর্ঘ দিন ধৰি পশ্চিম বংগৰ পৰা ধুবুৰীৰ একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে যোগান ধৰি আহিছে এনে নিচা জাতীয় ঔষধ।