ধুবুৰী, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে গোলকগঞ্জৰ আগমনিৰ কালডোৱা প্ৰথম খণ্ড গাঁৱত আৰক্ষীয়ে অভিযান চলায় । অভিযান কালত আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৫০০টা নিচাযুক্ত টেবলেট জব্দ কৰে । আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাইছিল আৰু সৰবৰাহকাৰীকেইটাই আগমনিত প্ৰৱেশ কৰা সময়তে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
অৱশ্যে এটা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় । সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এখন বাইকো আৰক্ষীয়ে জব্দ কৰে । ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে ফজৰ আলী আৰু আল আমিন । দুয়োৰে ঘৰ পশ্চিমবংগৰ তুফানগঞ্জ মহকুমাৰ ঝাউকুঠীত । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । পৰৱৰ্তী সময়ত ড্ৰাগছ সৰবৰাহৰে জড়িত বহু অসাধু ব্যৱসায়ী জালত পৰাৰ সম্ভাৱনা প্ৰকট কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:মৰিগাঁৱত অনুষ্ঠিত হৈছে আত্মসহায়ক গোটৰ বাণিজ্য মেলা