ধুবুৰী, ২৭ ডিচেম্বৰ: ৰাজ্যত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান (Anti drugs mission by Assam police) ৷ তাৰ মাজতো নিত্য নতুন কৌশলেৰে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ অবাধ ব্যৱসায় । ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে ধুবুৰী জিলাতো ড্ৰাগছৰ লগতে গাঞ্জাৰ বেহা চলি আছে । বিগত এপষেকত জিলাখনৰ বিভিন্ন ঠাইত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ড্ৰাগছ আৰু গাঞ্জা ।
ধুবুৰী আৰক্ষীয়ে জিলাখনৰ যোগময়া পাৰঘাটত সোমবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিছে (Drugs seized at Jogmaya Parghat)। আৰক্ষীয়ে এই ঘটনাৰে জড়িত এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধুবুৰী চহৰ উপ-পৰিদৰ্শক হিৰকজ্যোতি দাসৰ নেতৃত্বত সদৰ আৰক্ষীৰ এটা দলে যোগমায়াঘাটত আভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে (Drugs dealer arrested at Dhubri)। ধৃত সৰবৰাহকাৰীজনৰ বেগৰ পৰা আৰক্ষীয়ে দহটা পেকেটত ১২৭.১৬ গ্ৰামৰ হেৰ'ইনখিনি উদ্ধাৰ কৰে । জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য পাঁচ লাখ টকা হ’ব বুলি ধুবুৰী আৰক্ষীয়ে সদৰি কৰিছে ।
উল্লেখ্য যে ড্ৰাগছখিনি মেঘালয়ৰ পৰা অনা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । এই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা দক্ষিণ শালমাৰাৰ চাইখোৱা অঞ্চলৰ মিনহাজুল হক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । বৰ্তমানে ড্ৰাগছ সৰবৰাহকাৰীজনক ধুবুৰী সদৰ আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে । লক্ষণীয় বিষয় যে মিনহাজুলে আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে ফ্লিপ কাৰ্ডৰ লেবেল লগাই পেকেট প্ৰস্তুত কৰি দহটাকৈ চাবুনৰ বাকচত হেৰ'ইনখিনি সৰবৰাহ কৰিছিল ।
ইপিনে, বিলাসীপাৰাৰ নয়াহাট খৰখৰীয়াত নিষিদ্ধ গাঞ্জাখেতিক লৈ হতভম্ব বিলাসীপাৰা আৰক্ষী (Ganja Farming at Bilasipara) ৷ গাঁওখনৰ হিৰেণ দাস আৰু পত্নী মিনতি দাসৰ বাসগৃহত অতি সংগোপনে কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাখেতি (Bilasipara Police Seized Ganja Farm) ৷ দম্পতীটোৰ ঘৰৰ সন্মুখতেই গাঞ্জা খেতি লহপহকৈ বাঢ়িছে ৷ ঘৰৰ আগে পিছে সকলোতে কেৱল গাঞ্জা খেতি ৷ যোৱা ১৮ ডিচেম্বৰত এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ নিৰ্দেশত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হায়াত আলীৰ নেতৃত্বত চলা এক অভিযানৰ সময়ত প্ৰায় ২০০ ডাল গাঞ্জাৰ গছ কাটি পেলোৱা হয় (Bilasipara Police destroyed Ganja Plants)৷ সম্প্ৰতি নয়াহাট আৰক্ষীয়ে NDPS 382/22 ত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Protest against rubber industry: গোৱালপাৰাস্থিত ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধৰ দাবীত প্ৰতিবাদ