ETV Bharat / state

ধুবুৰীত ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত চালক

author img

By

Published : Nov 3, 2019, 6:29 PM IST

ধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বালি-চিমেণ্ট ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত মণিৰউদ্দিন নামৰ ট্ৰেক্টৰৰ চালকজন ৷

ধুবুৰীত ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত চালক

ধুবুৰী, 3 নৱেম্বৰঃ ধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বালি-চিমেণ্ট ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হয় ট্ৰেক্টৰৰ চালকজন ৷ ফকিৰগঞ্জৰ সোনাপাৰা গাঁৱৰ পৰা চাণ্ডীপাৰা গাঁৱলৈ অতি জৰাজীৰ্ণ পথেৰে যাত্ৰা কৰা বালি আৰু চিমেণ্ট ভৰ্তি ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই হঠাৎ দুৰ্ঘটনাত পতিত হয় ৷ ফলত থিতাতে নিহত হয় মণিৰউদ্দিন নামৰ ট্ৰেক্টৰখনৰ চালকজন ৷ ঘটনাস্থলীত ফকিৰগঞ্জ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মণিৰউদ্দিনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

আৰু পঢ়কঃ পথ দুৰ্ঘটনাত নিহত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক

Intro:ধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা। বালি চিমেণ্ট ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত ট্ৰেক্টৰ চালক।
Body:

ধুবুৰীৰ ফকিৰগঞ্জ আৰক্ষী থানা এলেকাধীন চাণ্ডীপাৰা গাঁওত বালি আৰু চিমেণ্ট ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনা। ফকিৰগঞ্জৰ সোনাপাৰা গাওঁৰ পৰা চাণ্ডীপাৰা গাঁওলৈ গৈ থকা এখন বালি আৰু চিমেণ্ট ভৰ্তি কৰি যাত্ৰা কৰিছিল এখন ট্ৰেক্টৰ। জানিব পৰা মতে স্বচ্ছ ভাৰত মিচন আঁচনিৰ হিতাধিকাৰীৰ শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বালি চিমেণ্ট যোগান ধৰা হৈছিল ট্ৰেক্টৰ খনেৰে। অতি জৰাজীৰ্ণ বাট পথৰ মাজেৰে ট্ৰেক্টৰ ভৰ্তি কৰি লৈ যোৱাৰ পথত হঠাৎ দুৰ্ঘটনাগ্ৰস্থ হয় ট্ৰেক্টৰ খন। ফলত থিতাতে নিহত হয় গাঁও খনৰেই মণিৰ উদ্দিন নামৰ ট্ৰেক্টৰ চালকজন।

Conclusion:খবৰ পাই ফকিৰগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। পত্নী সন্তানক ইহ সংসাৰত এৰি থৈ চালকজনৰ অকাল মৃত্যু হোৱাত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.