ধুবুৰী, 3 নৱেম্বৰঃ ধুবুৰীৰ বগৰীবাৰী মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ড৹ জাকিৰ হুছেইনক আটক গৌৰীপুৰ আৰক্ষীৰ ৷ সন্তান প্ৰসৱ কৰাৰ নামত ধন উৎকোচ লোৱাৰ অভিযোগত চিকিৎসকজনৰ বিৰুদ্ধে স্থানীয় ৰাইজে দাখিল কৰিছিল এজাহাৰ ৷
শনিবাৰে চিকিৎসকজনৰ ভুল চিকিৎসাৰ বাবে এটি নৱজাতকৰ মৃত্যু হোৱা বুলি দাবী কৰি ৰাইজ আৰু ৰোগীৰ আত্মীয়ই চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ৰাইজৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চিকিৎসকজনক আটক কৰে ৷ সম্প্ৰতি গৌৰীপুৰ আৰক্ষীয়ে চিকিৎসকগৰাকীক জেৰা অব্যাহত ৰাখিছে যদিওঁ এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই ৷