ETV Bharat / state

ধুবুৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আন্দোলন

author img

By

Published : Feb 19, 2021, 2:02 PM IST

দুদিনীয়া কাৰ্যসূচীৰে চৈধ্য দফীয়া দাবী পূৰনৰ দাবীত ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন। এই আন্দোলনৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিভিন্ন জিলা প্ৰশাসনিক কাৰ্যালয়সমূহ।

ধুবুৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আন্দোলন
ধুবুৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আন্দোলন

ধুবুৰী,19 ফেব্ৰুৱাৰী: সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছে । অসহযোগ আন্দোলনৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আন বিভিন্ন প্ৰশাসনিক কাৰ্যালয়সমূহ। কোনো এটা কাৰ্যালয়তে নাই এজনো কৰ্মচাৰী, প্ৰতিটো কোঠাত ওলমিছে তলা ৷

উল্লেখ্য যে, জিলা প্ৰশাসনিক কৰ্মচাৰী সকলৰ গ্ৰেড পে প্ৰদানৰ লগতে পুৰণি পেঞ্চন নীতি বাহাল ৰখাকে আদি কৰি মুঠ চৈধ্য দফীয়া দাবীৰ ভিত্তিত দীর্ঘদিনে প্ৰশাসন কৰ্মচাৰী সন্থাৰ ধাৰাবাহিক আন্দোলন চলি আহিছে যদিও চৰকাৰে আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই । যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰী সন্থাৰ দাবীসমূহ পূৰণৰ দাবীৰে দুদিনীয়া অসহযোগ আন্দোলন আৰম্ভ কৰিছে।

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.