ETV Bharat / state

মহামায়া মন্দিৰত কপিকূলক খাদ্য বিতৰণ মহকুমা আৰক্ষী বিষয়াৰ

author img

By

Published : May 20, 2021, 9:58 AM IST

ৰাজ্যত আংশিক লক ডাউন হৈ থকাৰ ফলত জনসাধাৰণৰ লগতে খাদ‍্য সংকটত ভূগিছে কপিকূল । বিলাসীপাৰাৰ সীমান্তৱৰ্তী মহামায়া মন্দিৰৰ চৌহদত খাদ‍্য সংকটত ভোগা কপিকূলক খাদ্য যোগান ধৰিলে পৰ্বতঝোৰা মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই ৷

Distribution of food to animal at Mahamaya temple by subdivision police officer
মহামায়া মন্দিৰত কপিকূলক খাদ্য বিতৰণ মহকুমা আৰক্ষী বিষয়াৰ

পশ্চিম বিলাসীপাৰা,20 মে': কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে তথা ৰাজ্যত আংশিক লক ডাউন হৈ থকাৰ ফলত জনসাধাৰণৰ লগতে খাদ‍্য সংকটত ভূগিছে কপিকূল । ৰাজ্যৰ বিভিন্ন মন্দিৰৰ আশে-পাশে থকা বান্দৰকে ধৰি চৰাই-চিৰিকতি আদ‍িয়েও পৰিছে খাদ্য সংকটত । বিলাসীপাৰাৰ সীমান্তৱৰ্তী মহামায়া মন্দিৰৰ চৌহদত থকা কপিকূলেও বৰ্তমান অৱস্থাত ভয়াৱহ খাদ‍্য সংকটত ভূগিছে ।

এই সংকটৰ সময়ত এগৰাকী আৰক্ষী বিষয়াই প্ৰতিদিনে কপিকূলক খাদ্য যোগান ধৰাৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৷ বুধবাৰে কোকৰাঝাৰৰ অন্তৰ্গত পৰ্বতঝোৰা মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই কপিকূলক খাদ্য যোগান ধৰে ৷ লগতে বিষয়া গৰাকীয়ে আংশিক লক ডাউন থকা সময়লৈ মহামায়া মন্দিৰৰ চৌহদত থকা পশু-পক্ষীৰ বাবে দৈনিক খাদ্য যোগান ধৰিব বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.