ধুবুৰী,21 ছেপ্টেম্বৰ: ধুবুৰী জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মঙলবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা 'দিশা'ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয় (MP Badaruddin Ajma৷) ৷
বৈঠকত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ, জিলা গ্ৰামোন্নয়ণ অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ণ, জলসিঞ্চন, মীন, টেলিকম, বেংক আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে জনপ্ৰতিনিধিসকলে বিভাগবোৰৰ বিষয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভত পোনপটীয়াকৈ প্ৰশ্ন কৰে আৰু আঁচনি ৰূপায়ণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷
বৈঠকত বৰ্তমান চলি থকা আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণ খৰতকীয়া কৰাৰ লগতে ধুবুৰী জিলাৰ উন্নয়ণৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় (Disha meeting held in Dhubri) ৷ বিগত 'দিশা' বৈঠকৰ কাৰ্যবিৱৰণী আৰু ইয়াৰ ভিত্তিত গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় ৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে বৈঠকত ধুবুৰী পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে ৷
বৈঠকত গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, কেইবাজনো বিধায়কৰ প্ৰতিনিধি, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যালকে ধৰি বিভিন্ন পৌৰসভাৰ পৌৰপতি, পাৰিষদ, ধুবুৰী জিলা পৰিষদৰ সদস্য প্ৰমুখ্যে কেইবাজনো পঞ্চায়তৰ প্ৰতিনিধি, ধুবুৰী জিলা উপায়ুক্ত অন্বামুথান এম পি, জিলা উন্নয়ন আয়ুক্ত কান্তা দাসৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।