ETV Bharat / state

ধুবুৰীত জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

author img

By

Published : Jun 24, 2020, 9:10 PM IST

বিটিচিত অনুষ্ঠিত হব ফুটবল মেচ ,চলিছে প্ৰস্তুতি পিছে কোনে কাক গোল দিব পাৰিব সেয়া এতিয়াওঁ নিশ্চিত হোৱা নাই। আজি ধুবুৰীত উপস্থিত হৈ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই তাৎপৰ্য্য পূৰ্ণ মন্তব্য কৰে।

dhuburi visit  social welfare minister  pramila rani barmah
ধুবুৰীত জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

ধুবুৰী,24জুনঃ বিটিচিত নিৰ্বাচনী যুঁজ ক্ৰমাত তুংগত উঠা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও বিপিএফ, বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । বিপিএফ আৰু বিজেপিৰ মিত্ৰতাৰ সমান্তৰালকৈ শেহতীয়াকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফেও মিত্ৰতাৰে বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হব । পিছে কোনে শেষ হাঁহি মাৰিব সেয়া এতিয়াওঁ নিশ্চিত হোৱা নাই । যদিওঁ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ বাবে কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰ দলৰ লগতে হীৰা শৰণীয়া আৰু প্ৰমোদ বড়ো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি বুলি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে এখন খেল পথাৰ আৰু ফুটবল খেলৰ উদাহৰণ দিয়ে। যদিওঁ এই খেলত কোনে কাক গ‘ল দিব সেয়া নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰে ।

ইপিনে বিটিচি নিৰ্বাচনত বিপিএফ আৰু বিজেপিয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা কৰাৰ লগতে আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনতো মিত্ৰতা অটুট থাকিব বুলি উল্লেখ কৰে বিপিএফ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই । উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ নতুনকৈ দায়িত্ব পোৱাৰ পিছতেই মন্ত্ৰী গৰাকীয়ে বুধবাৰে ধুবুৰীত উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি ক‘ৰণা আৰু বানপানীৰ ওপৰত আলোচনা কৰে ।

লগতে পঢকঃ 2020 বৰ্ষৰ "সমাজপ্ৰাণ বঁটা" সৰুপথাৰৰ জীৱন চুতীয়ালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.