ETV Bharat / state

ধুবুৰীত সুৰক্ষিত নহয় ছাত্ৰী !

author img

By

Published : Jun 23, 2019, 11:27 PM IST

ধুবুৰীত অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ চেষ্টা বেল্লাল হোসেন নামৰ এজন লোকৰ, ছোটোগুমা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷

ধুবুৰীত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা এজন লোকৰ

ধুবুৰী,২৩জুন : ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছোটোগুমাত ভয়ংকৰ ঘটনা । অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ চেষ্টা এজন লোকৰ ।

২১ জুনৰ বিয়লি পাচ বজাত টিউচন কৰি ঘৰলৈ উভতি আহিছিল ছোটোগুমাৰ এগৰাকী কিশোৰী । সেই সময়তে পথৰ কাষৰ বাঁহনিত লুকাই থকা বেল্লাল হোসেন নামৰ এজন লোকে কিশোৰীগৰাকীক চোচৰাই নিয়ে বাঁহনিৰ মাজলৈ । পাশণ্ড বেল্লালে ধৰ্ষণৰ চেষ্টা চলোৱাত চিঞৰ-বাখৰ কৰে কিশোৰীগৰাকীয়ে । কিশোৰীগৰাকীক চিঞৰ-বাখৰ নকৰিবলৈ মাৰপিট কৰাৰ লগতে ডিঙি চেপি হত্যাৰো চেষ্টা চলায় বেল্লালে । ইফালে, কিশোৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় । কিন্তু কিশোৰীগৰাকীক অচেতন অৱস্থাত পেলাই বাইক লৈ পলায়ন কৰে ধৃত বেল্লালে ।

ধুবুৰীত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা এজন লোকৰ

এই ঘটনাৰ পাছতে ধৃত বেল্লালৰ পত্নী তথা ছোটোগুমা গাঁও পঞ্চায়তৰ সদস্যা সাদেজা বিবি আৰু ভাতৃ দেলদাৰ হোসেনে আৰক্ষীক গোচৰ নিদিবলৈ ধনৰ প্ৰলোভন দিয়ে কিশোৰীগৰাকীৰ পৰিয়ালক । পৰিয়ালৰ লোকে ধন লবলৈ অস্বীকাৰ কৰাত বেল্লালৰ পৰিয়ালৰ লগত কাজিয়াৰ সৃষ্টি হোৱাৰ লগতে কিশোৰীগৰাকীৰ পিতৃক লাঠিৰে আঘাত কৰে । এই সন্দৰ্ভত গোলকগঞ্জ থানাৰ অন্তৰ্গত ছোটোগুমা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । কিন্তু আৰক্ষীয়ে বৰ্তমানলৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:ছোটোগুমাত ধৰ্ষণৰ চেষ্টা নাৱালিকাক

ANCHOR ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছোটোগুমাত কোনোমতে ধৰ্ষণৰ পৰা ৰক্ষা পৰিল এগৰাকী নাৱালিকা | ধনৰ প্ৰলোভন দি ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছে পঞ্চায়ত সদস্যা | আৰক্ষীৰ ৰহস্যজনক ভুমিকা
Body:

V/O ছোটোগুমা গাঁৱৰ অষ্টম শ্ৰেনীৰ এগৰাকী ছাত্ৰী ২১ জুনৰ বিয়লি পাচ বজাত টিউচন কৰি উভতিছিল ঘৰলৈ | পথৰ কাষৰ এখন বাহনিত লুকাই আছিল গাঁৱ খনৰে বিৱাহীত বেল্লাল হোসেন | ছোৱালী জনী ওচৰ পোৱাৰ লগে লগে টানি চোচৰাই নিয়ে বাহনিৰ মাজলৈ | পাশণ্ড বেল্লাল ধৰ্ষণৰ চেষ্টা চলোৱাত নাৱালিকাই চিঞৰ বাখৰ কৰে | চিঞৰ বাখৰ নকৰিবলৈ মাৰপিট কৰাৰ লগতে ডিঙি চেপি হত্যাৰো চেষ্টা চলায় | ওচৰ চুবুৰীয়া আগবাঢ়ি অহাত অচেতন অৱস্থাত ছোৱালীজনীক পেলাই বাইক লৈ পলায়ন কৰে | ঘটনা সকলোৱে জ্ঞাত হোৱাত আৰক্ষীক গোচৰ নিদিবলৈ ছোৱালী জনীৰ পিতৃক ধনৰ প্ৰলোভন দিয়ে পিশাচ বেল্লালৰ পত্নী তথা ছোটোগুমা গাঁও পঞ্চায়তৰ সদস্যা সাদেজা বিবি আৰু ভাতৃ দেলদাৰ হোসেন | ধন লৱলৈ অস্বীকাৰ কৰাক লৈ কাজিয়া লাগে | ছেগ বুজি অসহায় পিতৃ জনক লাঠিৰে কোৱাই আহত কৰে | এই সন্দৰ্ভত গোলকগঞ্জ থানাৰ অন্তৰ্গত ছোটোগুমা আৰক্ষী চকীত এজাহাৰ দিয়া হয় যদিও অদৃশ্য কাৰণত অভিযুক্তক আটক কৰাৰ নূন্যতম চেষ্টা কৰা নাই | আনহাতে ছোৱালীজনী বৰ্তমানো চিকিত্সাধীন |

Conclusion:

EVO আজিলৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম নোহোৱা আৰক্ষীয়ে ছোৱালী জনীক ন্যায় দিবলৈ কিমানদুৰ সক্ষম হয় সময়ত লক্ষনীয় হব |
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.